দুৰ্ঘটনাত এ ই চিৰ ৭ ছাত্ৰৰ মৃত্যু : তদন্তত নিৰ্দোষী প্ৰমাণিত অধ্যক্ষক পুনৰ দায়িত্ব দিব কেতিয়া ?

দুৰ্ঘটনাত এ ই চিৰ ৭ ছাত্ৰৰ মৃত্যু : তদন্তত নিৰ্দোষী প্ৰমাণিত অধ্যক্ষক পুনৰ দায়িত্ব দিব কেতিয়া ?

ডিজিটেল ডেস্ক : উত্তৰ-পূৰ্বেঞ্চলৰে অভিযান্ত্ৰিক শিক্ষাৰ বাটকটীয়া তথা দেশৰ এখন উল্লেখযোগ্য কাৰিকৰী শিক্ষানুষ্ঠান অসম অভিযান্ত্ৰিক মহাবিদ্যালয়। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে উদ্বোধন কৰিছিল এই মহাবিদ্যালয়খন।

ঐতিহ্যপূৰ্ণ এই মহাবিদ্যালয়খনে কাৰিকৰী শিক্ষাৰ দিশত বহু মূল্যৱান অৱদান আগবঢ়াইছে যদিও মহাবিদ্যালয়খনত আজিও নাই উপযুক্ত আন্তঃগাঁথনি। শেহতীয়াকৈ এই মহাবিদ্যালয়খনৰ ছাত্ৰাৱাসত থকা ৭গৰাকী ছাত্ৰ মাজনিশা অকৰ্তৃত্বশীলভাৱে ওলাই গৈ এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল। সেই কৰুণ ঘটনাৰ পিচতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পি আৰ নং ৯৯/২০২৩যোগে এই ঘটনাৰ এক তদন্তৰ নিৰ্দেশ দিছিল।

সেই নিৰ্দেশত কোৱা হৈছিল যে,তদন্তৰ অন্ত নপৰা পৰ্যন্ত সেই সময়ৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীক বাধ্যতামূলক ছুটী প্ৰদান কৰা হৈছিল। মুখ্যমন্ত্ৰীয়ে দিয়া সেই নিৰ্দেশৰ অনুসৰি তদন্তৰ সময়সীমা ১৫ জুনত উকলি গ'ল। এই তদন্তৰ প্ৰতিবেদনত কোৱা হ'ল-এই দুৰ্ঘটনাৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ জগৰীয়া নহয়। ইফালে এ ই চিৰ নিজা তদন্তত এই দুৰ্ঘটনাৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকী জগৰীয়া নহয় বুলি প্ৰমাণ হৈছিল।

এ ই চিৰ ইণ্টাৰনেল কমিটীৰ তদন্ত প্ৰতিবেদনত হোষ্টেলৰ নিয়ম ভংগ কৰি কোনো অনুমতি নোলোৱাকৈ হোষ্টেলৰ পৰা ওলাই গৈছিল বুলি উল্লেখ আছে। মৃত ছাত্ৰসকলৰ ৪জনেই সুৰাসক্ত আছিল বুলিও মৰণোত্তৰ পৰীক্ষাত জানিব পৰা গৈছে।

দুৰ্ঘটনাত পতিত হোৱা স্কৰপিঅ’খন অত্যাধিক বেগত চলাইছিল বুলিও প্ৰমাণিত হৈছে। এনে পৰিৱেশ-পৰিস্থিতিত ৩জুনত ৩জনীয়া এখন কমিটী গঠন কৰা হৈছিল আৰু সেই কমিটীক ১৫ দিনৰ ভিতৰত প্ৰতিবেদন জমা দিবলৈ সময়সীমা বান্ধি দিছিল। বিভাগীয়ভাৱে গঠন কৰা চৰকাৰৰ এই তদন্ত কমিটীয়ে ১৮জুনত কমিটীৰ প্ৰতিবেদন জমা দিব লাগিছিল। কিন্তু এই পৰ্যন্ত এই প্ৰতিবেদন প্ৰকাশ কৰা হোৱা নাই।

ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি কেৱল তদন্তৰ সময়ছোৱাৰ বাবে অধ্যক্ষগৰাকীক বাধ্যতামূলক ছুটীত পঠোৱা হৈছিল। নিৰ্দিষ্ট তদন্ত সময় পাৰ হৈ যোৱাৰ পিচত পুনৰ অধ্যক্ষজনে এই দায়িত্ব পাব লাগে যদিও ৰহস্যজনকভাৱে কেয়াৰ টেকাৰ অধ্যক্ষৰ হাততে বৰ্তমান এ ই চিৰ দায়িত্ব আছে।

লক্ষ্যণীয়ভাৱে যিগৰাকী ভাৰপ্ৰাপ্ত অধ্যক্ষক এই দায়িত্ব দিয়া হৈছে তেওঁ এগৰাকী অধ্যাপক হোৱা সূত্ৰে সেয়া তেওঁক অতিৰিক্ত দায়িত্ব দিয়া হৈছিল নে নাই সেই কথা নিৰ্দেশত উল্লেখ নাছিল। সেয়েহে এতিয়া নিৰ্দোষী অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছুটীত থকা অধ্যক্ষগৰাকীয়ে কেতিয়ালৈ এই দায়িত্ব পুনৰ ঘূৰাই পাব সেয়া অনিশ্চিত হৈ পৰিছে।

একাংশ সুবিধাবাদী লোকে সেই সুযোগ গ্ৰহণ কৰি কেৱল নিজৰ স্বাৰ্থ পূৰণৰ বাবে এই শিক্ষানুষ্ঠানখনক অনিশ্চিয়ত ভৱিষ্যতৰ মাজলৈ ঠেলি দিছে। উল্লেখযোগ্য যে মহাবিদ্যালয়খনৰ সহযোগত বিভিন্ন প্ৰকল্পৰ কাম চলি থকাৰ লগতে ৫টাকৈ মেজৰ আণ্ডাৰগ্ৰেজুৱেট পাঠ্যক্ৰম থকা মহাবিদ্যালয়খনৰ এন ডি এ একিডেচনৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

সেয়েহে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সচেতন ছাত্ৰ-শিক্ষক সমাজে বিষয়টো গুৰুতৰ বুজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক পদক্ষেপ গ্ৰহণৰ বাবে দাবী জনাইছে।

দুৰ্ঘটনাত এ ই চিৰ ৭ ছাত্ৰৰ মৃত্যু : তদন্তত নিৰ্দোষী প্ৰমাণিত অধ্যক্ষক পুনৰ দায়িত্ব দিব কেতিয়া ?
পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল : আগবাঢ়ি আছে তৃণমূল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in