ধৰ্ষণৰ বলি হোৱা যুৱতীৰ ৰাশিফল চোৱাৰ সিদ্ধান্ত: স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

ধৰ্ষণৰ বলি হোৱা যুৱতীৰ ৰাশিফল চোৱাৰ সিদ্ধান্ত:  স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ যুৱতীৰ ৰাশিফল চাই এলাহাবাদ উচ্চ ন্যায়ালয়ে ৰায় দিয়াৰ সিদ্ধান্তক স্থগিতাদেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে। দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে কয় যে উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত ঠিক নহয়।

এই সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ কয় , "এই সিদ্ধান্তই মানুহক বিচলিত কৰিব। ইয়াত নিষেধাজ্ঞা আৰোপ কৰাতো জৰুৰী। আনহাতে অভিযুক্তৰ অধিবক্তাই কয়, ৰাশিফল চোৱাৰ সিদ্ধান্ত আনতো পক্ষৰ সন্মতিত লোৱা হৈছিল। এয়া উচ্চ ন্যায়ালয়ৰ সন্মুখতে হৈছিল।

উচ্চতম ন্য়ায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সেই আদেশক স্বতঃপ্ৰণোদিত বিবেচনা কৰি স্থগিতাদেশৰ সিদ্ধান্ত লয়। ২৩ মে'ত উচ্চ ন্যায়ালয়ে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ জ্যোতিষ বিভাগৰ এগৰাকী মহিলাৰ দ্বাৰা ৰাশিফল চোৱাৰ নিৰ্দেশ দিছিল ।

ন্যায়ালয়ে ধৰ্ষণৰ বলি হোৱা এগৰাকী মহিলাৰ ৰাশিফল চোৱাৰ নিৰ্দেশ দিছিল। ৰ্ষণৰ অভিযুক্ত এলাহাবাদ বিশ্ববিদ্যালয়ৰ অধিবক্তাৰ জামিন সন্দৰ্ভত শুনানি গ্ৰহণ কৰাৰ সময়ত এই নিৰ্দেশ দিছিল ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ে কৈছিল যে যুৱতী গৰাকী মাংগলিক হয় নে নহয় সেয়া অনুসন্ধানৰ পাছত গ'ম পোৱা যাব।তাৰ পাছতে ৰাশিফল চাই এসপ্তাহৰ ভিতৰত ৰিপোৰ্ট জমা দিবলৈ কৈছিল।

উচ্চতম ন্যায়ালয়ে অভিযোগকাৰী, অভিযুক্ত আৰু উত্তৰ প্ৰদেশ চৰকাৰক জাননী জাৰি কৰিছে। লগতে কৈছে "আমি বুজি নাপাওঁ যে উচ্চ ন্যায়ালয়ৰ এটা গোচৰটোত কিয় জ্যোতিষশাস্ত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে । ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু পংকজ মিত্তালৰ বিচাৰপীঠে ৰায় প্ৰদান কৰিছিল।

ধৰ্ষণৰ বলি হোৱা যুৱতীৰ ৰাশিফল চোৱাৰ সিদ্ধান্ত:  স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ
ভাৰতৰ প্ৰধানমন্ত্ৰীক লৈ গৌৰৱান্বিত! মোডী চৰকাৰৰ বৈদেশিক নীতিক প্ৰশংসা কংগ্ৰেছ নেতাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in