ভাৰতৰ প্ৰধানমন্ত্ৰীক লৈ গৌৰৱান্বিত! মোডী চৰকাৰৰ বৈদেশিক নীতিক প্ৰশংসা কংগ্ৰেছ নেতাৰ

ভাৰতৰ প্ৰধানমন্ত্ৰীক লৈ গৌৰৱান্বিত! মোডী চৰকাৰৰ বৈদেশিক নীতিক প্ৰশংসা কংগ্ৰেছ নেতাৰ

ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আমেৰিকাৰ ভ্ৰমণলৈ যোৱাৰ পূৰ্বে কংগ্ৰেছ নেতা ছেম পিত্ৰোদাই কয় যে, বিশ্বৰ আটাইতকৈ জনবহুল দেশৰ প্ৰধানমন্ত্ৰী সকলো ঠাইতে সন্মানৰ যোগ্য । লগতে কয় যে, ইয়াক লৈ তেওঁ গৌৰৱ অনুভৱ কৰে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আমেৰিকা ভ্ৰমণৰ সময়ত পিত্ৰোদা লগত আছে আৰু তেতিয়াই তেওঁ এই মন্তব্য কৰে। যিসময়ত ৰাহুল গান্ধীয়ে আমেৰিকাত হৈ বিজেপিক তীব্ৰ সমালোচনা কৰিছে তেনে সময়ত পিত্ৰোদাই বিজেপিৰ বৈদেশিক নীতিৰ ওপৰতো সমৰ্থন কৰে।

তেওঁ কয় যে, ভাৰতে কোনটো দিশত ভাল কাম কৰিছে, আৰু ক'ত বেয়া কৰিছে সেই বিষয়ে আমি জানো। আৰু ভালটো সমৰ্থন কৰো। কোনোবাই মোক কৈছিল যে আমেৰিকাত ভাৰতৰ প্ৰধানমন্ত্ৰীক ধুমধামেৰে আদৰণি জনোৱা হ'ব আৰু ইয়াক লৈ মই সুখী। কিয়নো তেওঁ আমাৰ প্ৰধানমন্ত্ৰী।

কিন্তু এটা কথা মনত ৰাখিব লাগে যে মোডী ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপেহে এই সন্মান পাইছে। বিজেপিৰ নেতা হিচাপে নহয়। জনবহুল এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে সকলো ঠাইতে সন্মানৰ যোগ্য। ইয়াক মই নেতিবাচক হিচাপে নলও বুলি কয় তেওঁ।

উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে ২২ জুনত ৱাশ্বিংটনত ৰাজকীয় মৰ্যদাৰে প্ৰধানমন্ত্ৰী মোডীক আতিথ্য দিব। এই সময়চোৱাত নৈশ ভোজনৰো আয়োজন কৰিছে আমেৰিকাই।

ইয়াৰপূৰ্বে জি-২০ ৰ বৈঠকৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে যথেষ্ঠ প্ৰশংসা কৰিছিল প্ৰধানমন্ত্ৰী মোডীৰ। এয়া স্বীকাৰ কৰিছিল যে বিশ্বত ৰাজনৈতিক নেতা হিচাপে মোডীৰ জনপ্ৰিয়তা সকলোতকৈ অধিক ।

ভাৰতৰ প্ৰধানমন্ত্ৰীক লৈ গৌৰৱান্বিত! মোডী চৰকাৰৰ বৈদেশিক নীতিক প্ৰশংসা কংগ্ৰেছ নেতাৰ
যোৱা ২০ বছৰৰ ভিতৰত বিশ্বৰ ভয়ংকৰ ৰে'ল দুৰ্ঘটনাত প্ৰাণ গ'ল ২০০ ৰো অধিকৰ,

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in