/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/551e7958-6bdf-4f10-80ac-2cd192c75fa6/mannn.jpg)
প্ৰতীকি ফটো mankachar elephant
ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় বন পৰিৱেশ মন্ত্ৰালয় আৰু কেন্দ্ৰীয় বিদ্যুৎ কৰ্তৃপক্ষক হাতী কৰিডৰত সুৰক্ষা নিশ্চিত কৰাৰ আহ্বান জনাইছে। এই সন্দৰ্ভত চাৰি সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে ন্যায়ালয়ে।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালাৰ বিচাৰপীঠে ৰাষ্ট্ৰীয় হাতী সংৰক্ষণ কৰ্তৃপক্ষক এক আইনী প্ৰতিষ্ঠান হিচাপে স্বীকৃতি দিয়ে । লগতে চৰকাৰক ইয়াৰ প্ৰতিবেদন 'গজ'ৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কয়।
মন্ত্ৰালয়ে শপতনামাত কৈছিল যে সমগ্ৰ দেশতে হাতীৰ সুৰক্ষিত বন্য অঞ্চলৰ পৰিসৰ ৭৭,৫৭২ বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে। দেশৰ 88 টা হাতী কৰিডৰৰ ৫২% স্বীকৃতি দিয়া হৈছে।
বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত হাতীৰ মৃত্যুৰ ওপৰত থকা আবেদনৰ ওপৰত আলোকপাত কৰাত এই মন্তব্য কৰে ন্যায়ালয়ে।