উচ্চতম ন্যায়ালয়ত ওলমিছে ৰাহুল গান্ধীৰ ভৱিষ্যতঃ ৪ আগষ্টত পৰৱৰ্তী শুনানি...

উচ্চতম ন্যায়ালয়ত উলমিছে ৰাহুল গান্ধীৰ ভৱিষ্যতঃ ৪ আগষ্টত পৰৱৰ্তী শুনানি...
উচ্চতম ন্যায়ালয়ত উলমিছে ৰাহুল গান্ধীৰ ভৱিষ্যতঃ ৪ আগষ্টত পৰৱৰ্তী শুনানি...

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনোৱা ৰাহুল গান্ধীৰ আৱেদনৰ ভিত্তিত গুজৰাট চৰকাৰ আৰু আন্যান্য সংশ্লিষ্ট লোকসকললৈ জাননী জাৰি কৰিছে। যিসকলে ৰাহুল গান্ধীৰ অপৰাধমূলক মানহানিৰ গোচৰৰ শাস্তিৰ ৰায় স্থগিত কৰিবলৈ অস্বীকাৰ কৰিছিল।

উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ আৱেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি আজি কয়, দুয়ো পক্ষৰ কথা শুনিব লাগিব। সেয়ে জাননী জাৰি কৰি পৰৱৰ্তী শুনানিৰ দিন ৪ আগষ্ট নিৰ্ধাৰণ কৰিছে।

ন্যায়ালয়ত ৰাহুল গান্ধীৰ অধিবক্তা অভিষেক মনু সিঙ্ঘিয়ে যুক্তি দৰ্শাই কয় যে, ১১১ দিন ৰাহুল গান্ধী এই গোচৰোটত ভূগি আছে আৰু ইয়াৰ বাবে সাংসদ পদ খাৰিজ কৰাৰ বাবে এখন অধিৱেশনত অংশগ্ৰহণ কৰাৰ পৰা ইতিমধ্যে বঞ্চিত হোৱাৰ বিপৰীতে আন এখন অধিৱেশনৰ পৰাও সম্পূৰ্ণ ৰূপে তেওঁ বঞ্চিত হোৱাৰ দিশে।

সেয়ে শীঘ্ৰেই এই গোচৰটোৰ সন্দৰ্ভত শুনানি গ্ৰহণেৰে ৰায় প্ৰদান কৰিব লাগে। ইয়াৰোপৰি সাংসদ পদ খাৰিজৰ বিষয়টোত অন্তৰ্ৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিব লাগে।

উল্লেখ্যে যে, মোডী উপাধি সম্পৰ্কে কৰা বিতৰ্কিত মন্তব্যৰ গোচৰত ২ বছৰৰ জে'লৰ শাস্তিৰ ওপৰত স্থগিতাদেশ বিচাৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদনৰ শুনানি শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ এছ গাভাই আৰু বিচাৰপতি পি কে মিশ্ৰৰ দুজনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিছে।

মঙ্গলবাৰে ৰাহুল গান্ধীৰ অধিবক্তা অভিষেক মনু সিঙ্ঘিয়ে শুকুৰবাৰ অথবা সোমবাৰে ৰাহুল গান্ধীৰ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় , ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে সেই আৱেদন গ্ৰহণ কৰিছিল।

অপৰাধমূলক মানহানি গোচৰত দোষী সাব্যস্ত ৰাহুল গান্ধীক যোৱা ২৩ মাৰ্চত চুৰাট মেজিষ্ট্ৰেট আদালতে ২ বছৰৰ কাৰাদণ্ড বিহিছিল।সেই ৰায়ৰ স্থগিতাদেশ বিচাৰি ৰাহুল গান্ধী কাষ চাপিছিল গুজৰাট উচ্চ ন্যায়ালয়ত।

গুজৰাট উচ্চ ন্যায়ালয়ে ৭ জুলাইত ৰাহুল গান্ধীৰ আৱেদন খাৰিজ কৰিছিল। গুজৰাট উচ্চ ন্যায়ালয়ৰ পূৰ্বে চুৰাটৰ চেছন আদালতেও ৰাহু গান্ধীৰ ওপৰত থকা গোচৰৰ ৰায় বাহাল ৰাখিছিল। শেহতীয়াকৈ যোৱা শনিবাৰে ৰাহুল গান্ধীৰ হৈ উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল তেওঁৰ অধিবক্তাগৰাকীয়ে।

এই আৱেদনত কোৱা হৈছে, যদি গুজৰাট উচ্চ ন্যায়ালয়ৰ ৭ জুলাইৰ ৰায় স্থগিত কৰা নহয়, তেন্তে বাকস্বাধীনতা, মতপ্ৰকাশৰ স্বাধীনতা, স্বাধীন চিন্তাভাৱনাৰ কণ্ঠৰোধৰ পৰিৱেশ তৈয়াৰ কৰা হ'ব।

২০১৯ চনত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কৰ্ণাটকত ৰাহুল গান্ধীয়ে মোডী উপাধি সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল। সেই মন্তব্যৰ বিৰুদ্ধে দাখিল কৰা এক গোচৰৰ ভিত্তিতে তেওঁক গুজৰাটৰ চুৰাটৰ এখন মেজিষ্ট্ৰেট ক'ৰ্টে ২ বছৰৰ জে'লৰ শাস্তি প্ৰদান কৰিছে।

গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক পূৰ্ণেশ মোডীয়ে দাখিল কৰা এই অপৰাধমূলক মানহানি গোচৰত দোষী ৰাহুল গান্ধীক জামিন আৱেদনৰ বাবে ৩০ দিনৰ সময় নিৰ্ধাৰণ কৰি দিছিল। চুৰাট মেজিষ্ট্ৰেট আদালৰতৰ ৰায়ৰ ভিত্তিতেই লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ২৪ মাৰ্চত ভাৰতীয় সংবিধানৰ ১০২ (১) ই অনুচ্ছেদ আৰু জনপ্ৰতিনিধি আইন ১৯৫১ ৰ ৮ (৩) নম্বৰ অনুচ্ছেদ অনুসৰি ৰাহুল গান্ধীৰ সাংসদ পদো খাৰিজ কৰিছিল।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ত স্থগিতাদেশ জাৰি কৰে তেন্তে ৰাহুল গান্ধীয়ে সাংসদ পদ ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আনহাতে তেওঁৰ শাস্তিৰ ওপৰত স্থগিতাদেশ দিলে জে'লযাত্ৰাৰ পৰা ৰক্ষা পালেও সাংসদ পদ ঘূৰাই নাপাব কংগ্ৰেছ নেতাগৰাকীয়ে।

আৰু পৰৱৰ্তী সময়ত যদিহে উচ্চতম ন্যায়ালয়েও চুৰাট চেছন আদালত আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰাখে তেন্তে ৰাহুল গান্ধীৰ জে'ল যাত্ৰা নিশ্চিত হোৱাৰ লগতে সাংসদ পদো হেৰুওৱাটো নিশ্চিত। 

উচ্চতম ন্যায়ালয়ত উলমিছে ৰাহুল গান্ধীৰ ভৱিষ্যতঃ ৪ আগষ্টত পৰৱৰ্তী শুনানি...
কি হ'ব ৰাহুল গান্ধীৰ ভৱিষ্যত? জে'ললৈ যাব নে সাংসদ পদ ঘূৰাই পাব? উচ্চতম ন্যায়ালয়ত শুনানি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in