/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/4b6bf7d2-bea5-465b-9ad9-722403166aab/SBI_12.jpg)
উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতিত সেও মানিলে SBIয়েঃ দাখিল কৰিলে ইলেক্ট্ৰৰেল বণ্ডৰ সবিশেষ তথ্য...
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ ওচৰত সেও মানিলে এছ বি আইয়ে। বিজেপিয়ে প্ৰৱৰ্তন কৰা ইলেক্ট্ৰৰেল বণ্ডক অসাংবিধানিক আখ্যাৰে ইয়াৰ সবিশেষ তথ্য বিচাৰিছিল যদিও এছ বি আইয়ে ইয়াৰ বাবে ৩০ জুনলৈ সময় বিচাৰিছিল।
কিন্তু উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতিত এছ বি আইনে ১২ মাৰ্চতেই দাখিল কৰিলে সবিশেষ তথ্য। উচ্চতম ন্যায়ালয়ৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি ১২ মাৰ্চ, মঙ্গলবাৰে ইলেক্ট্ৰৰেল বণ্ডৰ সবিশেষ তথ্য উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে এছ বি আইয়ে।
উল্লেখ্য যে, ইলেক্ট্ৰৰেল বণ্ডৰ জৰিয়তে সৰ্বাধিক ধন লাভ কৰিছিল শাসকীয় বিজেপিয়ে। কিন্তু এই ধন ক'ৰ পৰা, কোনে যোগান ধৰিছে তাৰ কোনো উৎস ৰাজহুৱা হোৱা নাছিল। সেয়ে এই ব্যৱস্থাত বৃহৎ কেলেংকাৰীৰো সন্দেহ প্ৰকাশ কৰি আহিছিল বিৰোধীয়ে।
সেই সন্দেহক অধিক প্ৰাসংগিক কৰি তুলিছিল এছ বি আইৰ স্থিতিত। কিয়নো সকলো তথ্য মজুত থকাৰ পিছতো এছ বি আইয়ে লোকসভা নিৰ্বাচনৰ পিছতহে ৩০ জুনৰ পাছতহে এই তথ্য দিব পাৰিব বুলি জনাইছিল।
ইয়াতেই বহুতৰে সন্দেহ হৈছিল লোকসভা নিৰ্বাচনত শাসকীয় বিজেপিৰ ভাৱমূৰ্তি নষ্ট হোৱাৰ ভয়তে এছ বি আইয়ে এইদৰে ন্যায়ালয়ক অৱগত কৰিছে। কিন্তু এছ বি আইৰ এই উত্তৰত অসন্তুষ্ট উচ্চতম ন্যায়ালয়ে এছ বি আইক ১২ মাৰ্চৰ ভিতৰতে সকলো তথ্য দিবলৈ কাঢ়া নিৰ্দেশ দিয়াৰ লগতে অন্যথা আদালত অৱমাননাৰ গোচৰৰ সন্মুখীন হ'ব লাগিব বুলিও স্পষ্ট কৰে।
ফলশ্ৰুতিত নিৰ্ধাৰিত সময়তেই এছ বি আইয়ে আজি সকলো তথ্য দাখিল কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫ জনীয়া বিচাৰপীঠে ইলেক্ট্ৰৰেল বণ্ডক অসাংবিধানিক আখ্যা দিছিল।
SBI submits details of electoral bonds to Election Commission of India: Sources said
— Press Trust of India (@PTI_News) March 12, 2024
Also Read: নগাঁৱতে থাকিব প্ৰদ্যুৎ, যোৰহাটলৈ গৌৰৱঃ ঘোষণা কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা...