নগাঁৱতে থাকিব প্ৰদ্যুৎ, যোৰহাটলৈ গৌৰৱঃ ঘোষণা কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা...

নতুন দিল্লীত ঘোষণা ৪৩ জনীয়া কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থী তালিকা

author-image
Asomiya Pratidin
New Update
নগাঁৱতে থাকিব প্ৰদ্যুৎ, যোৰহাটলৈ গৌৰৱঃ ঘোষণা কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা...

নগাঁৱতে থাকিব প্ৰদ্যুৎ, যোৰহাটলৈ গৌৰৱঃ ঘোষণা কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা...

ডিজিটেল ডেস্কঃ কংগ্ৰেছে ঘোষণা কৰিলে দ্বিতীয়খন প্ৰাৰ্থী তালিকা। নতুন দিল্লীত আজি কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰিলে এই তালিকা। এই তালিকা অনুসৰি লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দিতা কৰিব যোৰহাট লোকসভা সমষ্টিত।

Advertisment

আজি ঘোষণা কৰা দ্বিতীয়খন প্ৰাৰ্থী তালিকাত মুঠ ৪৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। এই ৪৩ জনৰ ভিতৰত আছে অসম, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ কংগ্ৰেছ প্ৰাৰ্থী। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৮ মাৰ্চত কংগ্ৰেছে ঘোষণা কৰিছিল প্ৰথমখন প্ৰাৰ্থী তালিকা। এই তালিকাত মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল।

আজি ঘোষণা কৰা প্ৰাৰ্থী তালিকাত অসমৰ ১৪ খন আসনৰ ভিতৰত ১২ খন আসনৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছে। ডিব্ৰুগড়ৰ আসনখন দলটোৱে অসম জাতীয় পৰিষদক এৰি দিছে। লখিমপুৰ আসনখনৰ বাবে ঘোষণা কৰা নাই প্ৰাৰ্থী।

বহু চৰ্চিত নগাওঁ লোকসভা আসনখনত বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈকে পুনৰ প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে। নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিত পূৰ্বৰ বিধায়িকী ৰ’জলিনা তিৰ্কীক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে। শিলচৰ সমষ্টিক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে সূৰ্য কান্ত সৰকাৰক।

সেইদৰে কৰিমগঞ্জ সমষ্টিত হাফিজ ৰচিদ আহমেদ চৌধুৰী, বৰপেটা সমষ্টিত দ্বীপ বায়ন, গুৱাহাটী সমষ্টিত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, ধুবুৰী সমষ্টিত ৰকিবুল হুছেইন, শোণিতপুৰ প্ৰেমলাল গুণজু, দৰং-ওদালগুৰি সমষ্টিত মাধৱ ৰাজবংশী, ডিফু সমষ্টিত জয়ৰাম ইংলেঙ আৰু কোকৰাঝাৰ সমষ্টিত গর্জন মুছাহাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে।

  User
User
  User
User

Also Read: বেকাজানত তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহঃ শিশু-মহিলা ভাওনা প্ৰদৰ্শন

লোকসভা নিৰ্বাচন কংগ্ৰেছ