RBIৰ ডেপুটি গভৰ্ণৰ হিচাপে নিযুক্তি প্ৰদান SBIৰ পৰিচালন সঞ্চালকক..

ভাৰতীয় ষ্টেট বেংকৰ পৰিচালন সঞ্চালক স্বামীনাথন জানকীৰমনক আৰ বি আইৰ ডেপুটি গভৰ্ণৰ পদত নিযুক্তি

author-image
Asomiya Pratidin
New Update
RBIৰ ডেপুটি গভৰ্ণৰ হিচাপে নিযুক্তি প্ৰদান SBIৰ পৰিচালন সঞ্চালকক..

ডিজিটেল ডেস্ক : ভাৰতীয় ষ্টেট বেংক (এছবিআই)ৰ পৰিচালন সঞ্চালক স্বামীনাথন জানকীৰমনক পৰৱৰ্তী তিনি বছৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) ডেপুটি গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে। অহা ২১ জুন তাৰিখে ভাৰতীয় ষ্টেট বেংকৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতেই উক্ত পদত অধিষ্ঠিত হ'ব নৱ-নিৰ্বাচিত ডিপুটি গভৰ্ণৰ গৰাকীয়ে।

Advertisment

বিশেষ সূত্ৰৰ তথ্য মতে জানকীৰমনে সম্ভৱতঃ তত্বাৱধান আৰু বিত্তীয় অন্তৰ্ভুক্তি আৰু উন্নয়ন বিভাগ পৰিচালনা কৰিব। যিবোৰৰ তত্বাৱধানত আছিল এম কে জৈন নামৰ বৰ্তমানৰ ডেপুটি গভৰ্ণৰ। আনহাতে আৰবিআইৰ আন ডেপুটি গভৰ্ণৰসকল হৈছে মাইকেল পাত্ৰ, এম ৰাজেশ্বৰ ৰাও আৰু টি ৰবি শংকৰ।

কেন্দ্ৰীয় চৰকাৰে ১ জুনত লোৱা এক সাক্ষাৎকাৰ ভিত্তিত এই পদৰ বাবে নিৰ্বাচন কৰিছে জানকীৰমনক। উল্লেখ্য সাক্ষাৎকাৰ লোৱা প্ৰাৰ্থীসকলৰ ভিতৰত আছিল ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ অধ্যক্ষ শ্ৰীনিবাসন বৰদৰাজন; এএছ ৰাজীৱ, বেংক অফ মহাৰাষ্ট্ৰৰ পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া; ইউচিঅ' বেংকৰ এমডি আৰু চিইঅ' সোমা শংকৰ প্ৰসাদ; ইণ্ডিয়ান বেংকৰ এমডি আৰু চিইঅ' এছ এল জৈন আৰু এছবিআইৰ পৰিচালন সঞ্চালক স্বামীনাথন জানকীৰমন।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাস, কেবিনেট সচিব, বিত্তীয় সেৱা সচিব আৰু মুখ্য অৰ্থনৈতিক উপদেষ্টাক লৈ গঠিত এটা পেনেলে প্ৰাৰ্থীসকলৰ সাক্ষাৎকাৰ লোৱাৰ কথা ইতিমধ্যেই প্ৰকাশ পাইছে।

Also Read: ঘিলামৰাত আদৰ্শ বিদ্যালয়ৰ উদ্বোধন মন্ত্ৰী অতুল বৰাৰ...

reserve bank of india state bank of india