/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/45f793a5-c4ed-4f76-ad57-da55b1ec5a4a/Atul_dhemaji.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ চৰকাৰী খণ্ডৰ একমাত্ৰ আদৰ্শ বিদ্যালয়খনৰ মঙ্গলবাৰে শুভ উদ্বোধন কৰা হয়। চি বি এছ ই পাঠ্যক্ৰমৰ অন্তৰ্গত ইংৰাজী মাধ্যমৰ এইখন আদৰ্শ বিদ্যালয়ৰ উদ্বোধন কৰাৰ সমান্তৰালভাবে ২০২৩-২০২৪ শিক্ষা বর্ষৰ প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণী পৰ্যন্ত শিক্ষা দান পৰ্বৰো শুভাৰম্ভ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9f9685d0-0031-4bd3-ba35-9839e9ec882a/WhatsApp_Image_2023_06_20_at_3_06_16_PM.jpeg)
ঘিলামৰাৰ সদৰত অৱস্থিত ঘিলামৰা পাব্লিক হাইস্কুল প্ৰাংগণত প্ৰতিষ্ঠা হোৱা এইখন আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী তথা লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই। ঢকুৱাখনাৰ বিধায়ক নৱ দলে, লখিমপুৰ জিলাৰ উপায়ুক্ত শোণিত সত্বাৱন, অতিৰিক্ত উপায়ুক্ত তথা ঢকুৱাখনাৰ মহকুমাধিপতি কাৰ্তিক কলিতা, অতিৰিক্ত উপায়ুক্ত ভাস্কৰ বৰা, লখিমপুৰ জিলা চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদর্শক হেম চন্দ্ৰ শইকীয়া, সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লম্বিত হাজৰিকা আদিৰ উপস্থিতি আৰু সহযোগিতাত পূৰ্বৰ পাব্লিক হাইস্কুলখনৰ চৌহদতে স্থাপিত আদৰ্শ বিদ্যালয়খনৰ ফিটা কাটি উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e16388de-f09e-4842-8af5-3eec16370c1d/WhatsApp_Image_2023_06_20_at_3_06_42_PM.jpeg)
ইয়াৰ পূৰ্বে কলাগুৰুৰ প্ৰতিচ্ছবিত পুষ্প-মাল্য প্ৰদান কৰি মন্ত্রী বৰাই বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ দ্বাৰ উন্মোচন কৰে। এই সন্দৰ্ভত বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদর্শক হেমচন্দ্ৰ শইকীয়াই। জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা, ঘিলামৰা মণ্ডল বিজেপিৰ সভাপতি পূৰ্ণানন্দ দত্ত, হিৰণ্য হাজৰিকাকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক দলীয় বিষয়ববীয়া, শিক্ষাব্ৰতী ৰাইজ আৰু বিদ্যালয়খনৰ নৱ-নিযুক্ত শিক্ষক কৰ্মচাৰীসকল উপস্থিত থকা সভাত বিধায়ক নৱ দলে আৰু মন্ত্ৰী বৰাই বক্তব্য আগবঢ়ায়।
Also Read: পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল তিতাবৰৰ সন্তান অংশুৰাজ দত্ত...