খহিবলৈ ধৰিছে 'আপ'ৰ দুৰ্গ, এয়াই নেকি বিজেপিৰ পৰিকল্পনা

খহিবলৈ ধৰিছে 'আপ'ৰ দুৰ্গ, এয়াই নেকি বিজেপিৰ পৰিকল্পনা

ডিজিটেল ডেস্ক : প্ৰাচীন কালৰে পৰাই যুদ্ধত ৰজাতকৈ পূৰ্বে আক্ৰমণ কৰা হয় সেনাপতিক । সেনাৰ এটি বৃহৎ দল নেতৃত্ববিহীন হৈ পৰা মানেই আধা যুদ্ধ জিনিলে শত্ৰুপক্ষই । ঠিক একে ঘটনাই ঘটিবলৈ গৈ আছে নেকি দেশৰ ৰাজনীতিত ? কেন্দ্ৰত কংগ্ৰেছ দলে শাসন চলোৱা সময়তো দলটোৰ মুৰব্বী ছোনিয়া গান্ধীৰ পৰিৱৰ্তে আক্ৰমণ কৰা হৈছিল ৰাহুল গান্ধী আৰু মনমোহন সিঙক । দুয়ো হাতবিহীন শৰীৰ এটাই কিদৰে যুদ্ধ কৰিব প্ৰতিপক্ষৰ সৈতে ! ফলত দলটোৰ শীৰ্ষনেতাৰ পৰাই বিশ্বাস হেৰুৱাই পেলাইছিল ৰাইজে ।

একেই ঘটনা সংঘটিত হ'বলৈ গৈ আছে নেকি আম আদমি পাৰ্টীৰ সৈতেও । ৰণত পৰিল দলটোৰ মুৰব্বী অৰৱিন্দ কেজৰিৱালৰ সোঁহাতস্বৰূপ মনিষ ছিছ'দিয়া । দিল্লীৰ শিক্ষামন্ত্ৰীক সুৰা নীতি সন্দৰ্ভত চি বি আই এ জিম্মালৈ লোৱা নিশচয়কৈ সাধাৰণ কথা নহয় । কিন্তু এই কাৰ্যই যেন ভয় সুমুৱাই দিলে দলটোৰ কৰ্মকৰ্তাসকলৰ মনত । শাসনাধিষ্ঠ দলটোৰ বাবে যে একো অসম্ভৱ নহয় সেই কথা যেন প্ৰতিপন্ন কৰিলে বিজেপিয়ে । চি বি আইৰ তদন্তৰ সৈতে বি জে পিৰ সম্পৰ্ক থাকক অথবা নাথাকক, কিন্তু এই সম্পৰ্কে ধাৰণা বদ্ধমূল আম আদমি পাৰ্টীৰ সদস্যসকলৰ ।

মনিষ ছিছ'দিয়াক জিম্মালৈ লোৱাৰ পাছতেই দলটোৰ পৰা পদত্যাগ কৰে জ্যেষ্ঠ নেতা তথা দিল্লী কেবিনেটৰ সদস্য সত্যেন্দ্ৰ জৈনে । নেতাগৰাকীয়ে হাতেলিখা পদত্যাগ পত্ৰ ২৭ ফেব্ৰুৱাৰীতেই জমা দিছিল অৰৱিন্দ কেজৰিৱালক । য'ত লিখা আছিল, আম আদমি পাৰ্টীয়ে বিগত সময়চোৱাত আগবঢ়োৱা সুযোগ সমূহৰ বাবে ধন্যবাদ । অনুগ্ৰহ কৰি মোৰ পদত্যাগ পত্ৰখন গ্ৰহণ কৰে যেন ।"

অৱশ্যে মনিষ ছিছ'দিয়াৰ সৈতে বৰ্তমান চি বি আইৰ জিম্মাত ‍আছে সত্যেন্দ্ৰ জৈনো । আৰু দুয়োগৰাকী মুখ্য নেতাই পদত্যাগ কৰাৰ পাছত যে এতিয়া কেবিনেটত এক অস্থিৰ পৰিৱেশৰ সৃষ্টি হ'ব সেইয়া ধূৰুপ ।

খহিবলৈ ধৰিছে 'আপ'ৰ দুৰ্গ, এয়াই নেকি বিজেপিৰ পৰিকল্পনা
মোডী চৰকাৰে ৰাইজক দিয়া মূল্যবৃদ্ধিৰ উপহাৰ সন্দৰ্ভত ৰাজপথত আন্দোলন কৰিব নে স্মৃতি ইৰাণীয়ে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in