তিহাৰ জেলত আপৰ নেতাৰ ভৰি মালিচ, ভাইৰেল ভিডিঅ'

দিল্লীৰ তিহাৰ কাৰাগাৰত থকা এগৰাকী নেতাৰ ভিডিঅ' ভাইৰেল হৈছে।

author-image
Asomiya Pratidin
New Update
তিহাৰ জেলত আপৰ নেতাৰ ভৰি মালিচ, ভাইৰেল ভিডিঅ'

ডিজিটেল ডেস্ক: দিল্লীৰ তিহাৰ কাৰাগাৰত থকা এগৰাকী নেতাৰ ভিডিঅ' ভাইৰেল হৈছে। মে' মাহত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ আপৰ মন্ত্ৰী সৈতেন্দ্ৰ জৈনৰ এটা ভিডিঅ'ক লৈ তোলপাৰ লাগিছে ছ'চিয়েল মিডিয়া।

ভিডিঅ'টিত দেখিবলৈ পোৱা গৈছে যে আপৰ নেতা তথা মন্ত্ৰী সৈতেন্দ্ৰ জৈনক এজন লোকে মালিচ কৰি আছে। কাৰাগাৰত থকাৰ সময়তে এই ভিডিঅ'টি লোৱা। ৭ নং কাৰাগাৰত আছিল নেতা জন।

বিজেপিয়ে এই সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পাৰ্টিক কটাক্ষ কৰে। দলৰ কেইবাজনো নেতাই ভিডিঅ' ক্লিপটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি অভিযোগ কৰিছে যে সৈতেন্দ্ৰ জৈনে কাৰাগাৰত বিশেষ সুবিধা লৈ আছে।

উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই প্ৰত্যুত্তৰ দি কয় যে কাৰাগাৰত আঘাত পোৱাৰ পিছত মেৰুদণ্ডৰ দুটা অস্ত্ৰোপচাৰ হৈছিল জৈনৰ। তাৰ পিছত এখন চিকিৎসালয়ে জৈনক ফিজিঅ'থেৰাপীৰ পৰামৰ্শ দিছিল।

আৰু পঢ়ক: মৃত্যুয়েও কাঢ়ি নিব নোৱাৰা প্ৰেম...

viral video Satyendar Jain aap