/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-19/5c9461xc/sarbananda 19.jpg)
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ৰ মহিলা কৰ্মচাৰীয়ে ৰাখী পিন্ধালে সৰ্বানন্দ সোণোৱালক...
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাখী বন্ধন উপলক্ষে বিভাগৰ মহিলা বিষয়া, কৰ্মচাৰীসকলৰ সৈতে ৰাখী বন্ধন পৰ্বত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বিভাগৰ মহিলা বিষয়া, কৰ্মচাৰীসকলে ৰাখী পৰিধান কৰায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-19/zvvljtyv/WhatsApp Image 2024-08-19 at 9.44.54 PM.jpeg)
তাৰোপৰি সাগৰমালা ডেভেলপমেণ্ট কোম্পানী লিমিটেড, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চি আই এছ এফ), ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (আই ডব্লিউ এ আই)ৰ আন মহিলা কৰ্মচাৰীসকলেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৰাখী উপহাৰ দিয়ে।
ইয়াৰ পিছতে সোণোৱালে আটাইকে ৰাখী বন্ধনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি কয়, এই যোগাত্মক পৰিৱেশে মন্ত্ৰালয়ৰ মাজত একতাৰ বাৰ্তা আৰু নাৰীশক্তিৰ সক্ৰিয় অংশগ্ৰহণ অধিক শক্তিশালী কৰি তুলিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-19/v1z1ghjd/1dc9def6-12f3-47f3-803c-8ac04ce3a1a5.jpg)
সোণোৱালে কয়, "ৰাখী বন্ধন ভাৰতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। ৰাখী বন্ধনে ভাতৃ-ভগ্নীৰ অটুট মৰম-স্নেহ, সুৰক্ষাৰ দায়বদ্ধতা আৰু একতাৰ পৰিভাষাক প্ৰতিফলিত কৰি আহিছে। নাৰী সমাজৰ সুৰক্ষা, মৰ্যাদা আৰু সন্মান সুনিশ্চিত কৰাৰো প্ৰতীক ৰাখী বন্ধন। এই উৎসৱে ভাতৃ-ভগ্নীৰ মাজৰ নিবিড় সম্পৰ্ক আৰু চেনেহৰ এনাজৰী সুদৃঢ় কৰি আটাইৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ-সমৃদ্ধিৰ বতৰা।"
Also Read: ২৩ আগষ্টত ইউক্ৰেইন ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোডীয়েঃ আদৰিবলৈ সাজু জেলনেস্কি....
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us