ডিজিটেল ডেস্কঃ ইউক্ৰেইন ভ্ৰমণৰ বাবে সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। অহা ২৩ আগষ্টত ইউক্ৰেইনৰ নেচনেল ফ্লেগ ডে’ উপলক্ষে দেশখনৰ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নৰেন্দ্ৰ মোডীয়ে।
এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে নৰেন্দ্ৰ মোডীক আমন্ত্ৰণ জনাইছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনেস্কিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে সোমবাৰে এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে। সমান্তৰালকৈ ভলোডিমিৰ জেলেনস্কিয়েও এই সন্দৰ্ভত চৰকাৰী ভাৱে বিজ্ঞপ্তি জাৰি কৰিছে।
প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণ হ’ব ইউক্ৰেইন ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ। উল্লেখ্য যে, দেশখন গঠন হোৱাৰ পাছতেই প্ৰায় ৩০ বছৰ পূৰ্বে ভাৰতে ইউক্ৰেইনৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছিল।
প্ৰধানমন্ত্ৰী মোডীৰ ইউক্ৰেইন ভ্ৰমণৰ কথা উল্লেখ কৰি বৈদেশিক পৰিক্ৰমা বিভাগৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষ সন্দৰ্ভত ভাৰতৰ স্থিতিৰ কথাও উল্লেখ কৰিছে। বিজ্ঞপ্তিত কোৱা হৈছে যে কেৱল আলোচনা আৰু কূটনীতিয়েহে সংঘাতৰ স্থায়ী সমাধান কৰিব পাৰে।
বৈদেশিক পৰিক্ৰমা বিভাগৰ সচিব তন্মায় লালে এই সন্দৰ্ভত কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ আমন্ত্ৰণত এই সপ্তাহৰ শেষৰ ফালে ২৩ আগষ্ট, শুকুৰবাৰে ইউক্ৰেইনলৈ চৰকাৰী ভ্ৰমণ কৰিব। এই ভ্ৰমণ হ’ব এক যুগান্তকাৰী আৰু ঐতিহাসিক।কিয়নো আমি আমাৰ কূটনৈতিক সম্পৰ্ক স্থাপন কৰাৰ পিছত ৩০ বছৰতকৈও অধিক সময়ৰ অন্তত এজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে ইউক্ৰেইন ভ্ৰমণ কৰিব।
বৈদেশিক পৰিক্ৰমা বিভাগৰ ফালৰ পৰা আৰু কোৱা হৈছে যে, ৰাছিয়া আৰু ইউক্ৰেইনৰ সৈতে ভাৰতৰ গুৰুত্বপূৰ্ণ আৰু স্বতন্ত্ৰ সম্পৰ্ক আছে। অতি লক্ষণীয় কথাটো হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিগত মাহত ৰাছিয়া ভ্ৰমণ কৰিছিল। মোডীৰ ইউক্ৰেইন ভ্ৰমণৰ সময়ত ভাৰতে ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানৰ বাবে সকলো সম্ভৱপৰ সমৰ্থন আৰু অৱদান আগবাঢ়াবলৈ সাজু বুলিও উল্লেখ কৰিছে।
বৈদেশিক মন্ত্ৰণালয়ৰ সচিব তন্ময় লালে এই সন্দৰ্ভত কয় যে, ভাৰতে অতি স্পষ্টতাৰে নিজৰ স্থিতি স্পষ্ট কৰিছে যে, কেৱল কূটনীতি আৰু আলোচনাই হে দুয়ো দেশৰ সংঘাত সমাধান কৰিব পাৰে। এই সংঘাতৰ সমাধানেহে স্থায়ী শান্তি আনিব পাৰিব। প্ৰধানমন্ত্ৰী মোডীয়ে ৰাছিয়া আৰু ইউক্ৰেইন দুয়োখন দেশৰ নেতাৰ সৈতে বাৰ্তালাপ কৰিছে। এই জটিল সমস্যাৰ শান্তিপূৰ্ণ সমাধান বিচাৰি ভাৰতে সকলো সম্ভৱপৰ সমৰ্থন আৰু অৱদান আগবঢ়াবলৈ সাজু।
তেওঁ পুনৰ কয়, ৰাছিয়া আৰু ইউক্ৰেইন দুয়োখন দেশৰ সৈতে ভাৰতৰ গুৰুত্বপূৰ্ণ আৰু স্বতন্ত্ৰ সম্পৰ্ক আছে। প্ৰধানমন্ত্ৰীয়ে ৰাছিয়া ভ্ৰমণ কৰিছিল। এই ভ্ৰমণত বহু বিষয় আলোচনা কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে যোৱা এবছৰত কেইবাবাৰো ৰাষ্ট্ৰপতি জেলেনস্কিকো সাক্ষাৎ কৰিছে আৰু তেওঁলোকে এতিয়া ইউক্ৰেইনত পুনৰ বৈঠকত মিলিত হ'ব। এয়া স্বতন্ত্ৰ সম্পৰ্ক। আলোচনাৰ সময়ত দুয়োখন দেশৰ মাজত চলি থকা সংঘতাৰ বিষয়েও আলোচনা।
উল্লেখ্যে যে ভাৰতে পূৰ্বৰে পৰা এই দুইখন ৰাষ্ট্ৰৰ মাজত চলি থকা যুদ্ধৰ বিৰোধিতা কৰি আহিছে। দুয়োখন দেশক আলোচনাৰ মাধ্যমেৰে সমস্যাক সমাধান কৰিবলৈ আহ্বান জনাইছে। তাৰোপৰি যুদ্ধ বিধ্বস্ত ইউক্ৰেইনক মানৱীয় সাহায্য প্ৰদানো কৰিছে।
ৰাষ্ট্ৰসংঘত অন্য ৰাষ্ট্ৰই ৰাছিয়াৰ বিৰুদ্ধে প্ৰস্তাৱ লোৱাৰ সময়ত ভাৰতে সেই প্ৰস্তাৱত সমৰ্থন দিয়াৰ পৰা বিৰত আছে। দুয়োখন দেশৰ সৈতেই কূটনৈতিক সম্পৰ্ক ঘনিষ্ঠ কৰি ৰাখিছে। অতি শেহতীয়াকৈ ৰাছিয়া ভ্ৰমণ কৰাৰ পাছতেই ইউক্ৰেইন ভ্ৰমণলৈ সাজু হোৱা মোডীয়ে যদি দুয়ো দেশৰ মাজত সংঘাত নিৰাময়ত মধ্যস্থতাৰ ভূমিকা গ্ৰহণ কৰি সফলতা লাভ কৰিব পাৰে তেন্তে সেয়া তেওঁৰ বাবে হ'ব এক বৃহৎ সাফল্য।