মুম্বাইত অনুষ্ঠিত ইণ্ডিয়া কলিং কনফাৰেন্স ২০২৩ত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ...

"প্ৰধানমন্ত্ৰী গতি শক্তিয়ে ভাৰতীয় সামগ্ৰীৰ ৰপ্তানি ত্বৰান্বিতকৰণেৰে ২ লাখ কোটি টকাৰ বৰ্ধিত ৰপ্তানিৰ অভিলেখ গঢ়িছে। ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতীয় সামগ্ৰীৰ ৰপ্তানিৰ মূল্য ৪৪৭ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছে, যি আছিল ২০২১-২২ বিত্তীয় বৰ্ষত ৪২২ বিলিয়ন আমেৰিকান ডলাৰ।"- সৰ্বানন্দ সোণোৱাল...

author-image
Asomiya Pratidin
New Update
মুম্বাইত অনুষ্ঠিত ইণ্ডিয়া কলিং কনফাৰেন্স ২০২৩ত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ...

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শণিবাৰে মুম্বাইত আইএমচি চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিৰ দ্বাৰা আয়োজিত চলিত ইণ্ডিয়া কলিং কনফাৰেন্সত অংশগ্ৰহণ কৰে। 'ইণ্ডিয়া ৰাইজিং - ইনভাইটিং পাৰ্টনাৰশ্বিপ ফৰ গ্ৰোথ' শীৰ্ষক অধিৱেশনত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী, ৰে'ল আৰু বস্ত্ৰ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী দৰ্শনাবেন জাৰ্দোশেও অংশগ্ৰহণ কৰে।

Advertisment

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত ভাৰতে দ্ৰুতগতিত বিকাশৰ যাত্ৰাপথত অগ্ৰসৰ হৈছে। এই ৯ বছৰতকৈও কম সময়ত ভাৰতে ৩.৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ অৰ্থনীতিত পৰিণত হোৱাৰ অভিলেখ গঢ়িছে। বিকাশৰ এই তীব্ৰ গতি ঐতিহাসিক।

এই উল্লেখযোগ্য কৃতিত্ব মোদী ডাঙৰীয়াৰ গতি শক্তি পদক্ষেপৰ অন্যতম ফচল। প্ৰধানমন্ত্ৰী গতি শক্তিয়ে ভাৰতীয় সামগ্ৰীৰ ৰপ্তানি ত্বৰান্বিতকৰণেৰে ২ লাখ কোটি টকাৰ বৰ্ধিত ৰপ্তানিৰ অভিলেখ গঢ়িছে। ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতীয় সামগ্ৰীৰ ৰপ্তানিৰ মূল্য ৪৪৭ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছে, যি আছিল ২০২১-২২ বিত্তীয় বৰ্ষত ৪২২ বিলিয়ন আমেৰিকান ডলাৰ।"

"আইএমচি ইণ্ডিয়া কলিঙৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়বস্তু সম্বলিত হৈ আছে – ইণ্ডিয়া ৰাইজিং: বিকাশৰ বাবে অংশীদাৰিত্বক আমন্ত্ৰণ জনোৱা। মই সকলো অংশীদাৰক এই অধিৱেশনসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ, যিয়ে এখন উন্নত ৰাষ্ট্ৰ গঢ়ি তোলাৰ বাবে আমাৰ অভূতপূৰ্ব বিকাশ আৰু অংশীদাৰিত্বৰ কাৰ্যসূচীক ক্ষিপ্ৰতাৰে আগবঢ়াই নিব।" - বুলিও মন্ত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে।

লগতে তেওঁ উল্লেখ কৰে যে, "প্ৰধানমন্ত্ৰী গতি শক্তিয়ে ভাৰতৰ অৰ্থনৈতিক দৃশ্যপট দ্ৰুতগতিত ৰূপান্তৰ কৰি আছে। তদুপৰি, ফ্লেগশ্বিপ সাগৰমালা কাৰ্যসূচীয়ে ভাৰতৰ বন্দৰ আৰু জলপথ খণ্ডত চমৎকাৰ সফলতাৰ সূচনা কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ মুখ্য বন্দৰসমূহ ৰাষ্ট্ৰীয় বিকাশৰ মুখ্য চালিকাশক্তিলৈও ৰূপান্তৰিত হৈছে।

ভাৰতৰ প্ৰথমখন থলুৱা বিমান বাহক আই এন এছ বিক্ৰান্তৰপৰা ভাৰতৰ প্ৰথম ৱাটাৰ মেট্ৰ'ৰ নিৰ্মাণলৈকে, কোচিন শিপয়াৰ্ড লিমিটেডে এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ অভিযানক যথেষ্ট ত্বৰান্বিত কৰি আছে। যোৱা ৯ বছৰত অভ্যন্তৰীণ জলপথৰ বিকাশেও এক নতুন শিখৰত উপনীত হৈছে।"

প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ অধীনত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ২০২৫ চনৰ ভিতৰত কাৰ্যকৰীকৰণৰ বাবে মুঠ ৬২,২২৭ কোটি টকাৰ ব্যয়সাপেক্ষ ১০১টা প্ৰকল্প হাতত লৈছে। এই ১০১টা প্ৰকল্পৰ ভিতৰত মুঠ ৮,৮৯৭ কোটি টকাৰ ২৬টা প্ৰকল্প সম্পূৰ্ণ হৈছে, মুঠ ১৫,৩৪৩ কোটি টকাৰ ৪২টা প্ৰকল্প উন্নয়নাধীন হৈ আছে আৰু মুঠ ৩৬,৬৩৮ কোটি টকাৰ ৩৩টা প্ৰকল্প কাৰ্যকৰী হৈ আছে। কাৰ্যকৰীকৰণৰ অধীনত থকা প্ৰকল্পসমূহৰ ভিতৰত ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত মুঠ ২০,৫৩৭ কোটি টকাৰ মূল্যৰ ১৪টা প্ৰকল্প সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

Also Read: প্ৰশিক্ষণত নামিল অগ্নিবীৰৰ জোৱান: কি আৰ্হিৰে প্ৰদান কৰা হৈছে প্ৰশিক্ষণ...

Govt of India