/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/92ae5b17-08f7-4867-87cc-09de83140590/sarba_10.jpg)
সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিলে আয়ুষ মন্ত্ৰালয়ৰ মাহজোৰা আয়ুৰ্বেদ উদযাপন অভিযান...
ডিজিটেল সংবাদ নতুন দিল্লীঃ কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙ্গলবাৰে নতুন দিল্লীৰ মিডিয়া চেণ্টাৰত এখন সংবাদমেল সম্বোধন কৰে আৰু সমগ্ৰ ভাৰতত অষ্টম ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱসৰ সতে সংগতি ৰাখি মাহজোৰা উদযাপন অভিযানৰ শুভাৰম্ভণি কৰে। আয়ুৰ্বেদৰ আৰাধ্য দেৱতা ধন্বন্তৰীৰ প্ৰতি শ্ৰদ্ধা জনাই সমগ্ৰ ভাৰতত আয়ুৰ্বেদ দিৱস পালন কৰা হয়।
সংবাদ মাধ্যমৰ লোকসকলক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "আয়ুৰ্বেদৰ জন আৰোগ্য দিশৰ বাবে জনবাৰ্তা, জন অংশীদাৰী আৰু জন আন্দোলনৰ বিষয়ত আমি গুৰুত্ব আৰোপ কৰিছোঁ।আগন্তুক অষ্টম আয়ুৰ্বেদ দিৱসৰ সৈতে সংগতি ৰাখি দেশজুৰি আয়ুৰ্বেদৰ উদযাপন কাৰ্যসূচী আয়ুষ মন্ত্ৰালয়ে আৰম্ভ কৰিছে। এইবাৰৰ বিষয়বস্তু হৈছে 'এক স্বাস্থ্যৰ বাবে আয়ুৰ্বেদ'।
এই বিষয় বস্তুটো ভাৰতৰ জি-২০ অধ্যক্ষতাৰ বিষয়বস্তু 'বসুধৈৱ কুটুম্বকম'ৰ সৈতে সামঞ্জস্য পূৰ্ণ। আয়ুৰ্বেদ দিৱস-২০২৩ ৰ বিষয়বস্তু 'এক স্বাস্থ্যৰ বাবে আয়ুৰ্বেদ' ৰ সমান্তৰালকৈ টেগলাইন 'প্ৰতিদিনে সকলোৰে বাবে আয়ুৰ্বেদ' অৰ্থাৎ 'হৰদিন হৰ কিসীকে লিয়ে আয়ুৰ্বেদ'ৰ জৰিয়তে আমি সমগ্ৰ মানৱ সমাজৰ স্বাস্থ্য কল্যাণৰ দিশত বিশেষভাৱে অগ্ৰাধিকাৰ দিছোঁ।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b1cc99f0-c300-4649-aac2-99b62b5a438e/43aa1d48_a2a9_4870_876e_aab04cfe541c.jpg)
কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আয়ুৰ্বেদ দিৱসৰ সৈতে সংগতি ৰাখি মাহজোৰা উদযাপনৰ ক্ষেত্ৰত চৰকাৰৰ দৃষ্টি ভংগীৰ বিষয়ে বৰ্ণনা কৰে আৰু চৰকাৰৰ বিভিন্ন পদক্ষেপ তথা প্ৰচেষ্টাৰ সন্দৰ্ভত আলোকপাত কৰে। তেখেতে কয়, "মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতে বসুধৈৱ কুটুম্বকমৰ নীতিত বিশ্বাস কৰি আগুৱাই গৈছে। সামগ্ৰিক আৰোগ্য আৰু স্বাস্থ্যকৰ জীৱন ধাৰণৰ বিজ্ঞান আয়ুৰ্বেদৰ বিভিন্ন সম্ভাৱনাক মূলধন কৰি স্বাস্থ্যজনিত নানা সমাধানৰ বাবে আমাৰ মন্ত্ৰালয়ে যথেষ্ট তৎপৰতাৰে কাম কৰি আছে। এই ক্ষেত্ৰত গৱেষক, চিকিৎসক আদিৰ ভূমিকাও শলাগনীয়।"
আয়ুৰ্বেদৰ সন্দৰ্ভত শিক্ষাৰ্থী, কৃষকৰ উপৰি সৰ্বস্তৰৰ ৰাইজক সজাগ-সচেতন কৰাৰ বাবে সমগ্ৰ ভাৰতত এই মাহজোৰা উদযাপনৰ দিহা কৰা হৈছে। এই বছৰ অষ্টম আয়ুৰ্বেদ দিৱস অহা ১০ নৱেম্বৰত উলহ-মালহেৰে উদযাপন কৰা হ'ব।
আয়ুষ মন্ত্ৰালয়ে আয়ুৰ্বেদৰ জৰিয়তে বিভিন্ন স্বাস্থ্য সমস্যাৰ সমাধানৰ বাবে আয়ুৰ্বেদ দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে বিভিন্ন বিষয় বাছনি কৰি আহিছে। সৰ্বানন্দ সোণোৱালে আজি এই প্ৰসংগত কয়, "কৃষি-আয়ুৰ্বেদৰ প্ৰচাৰ, ৰাইজৰ শক্তিশালী আৰু সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰা, আয়ুৰ্বেদৰ সম্ভাৱনা ব্যৱহাৰৰ বাবে পেছাদাৰীসকলক উৎসাহিত কৰাৰ দিশত গুৰুত্ব দি এইবাৰৰ বিষয়টো বাছনি কৰা হৈছে।
ইয়াত বহনক্ষম কৃষি, মানৱ, পশু, উদ্ভিদ, বন আৰু জলজ পৰিস্থিতি তন্ত্ৰ, খাদ্য সুৰক্ষা আদি বিভিন্ন দিশক সামৰি গুৰুত্ব দিয়া হৈছে। এইবাৰৰ বিষয়বস্তু তিনিটা মুখ্য ক্ষেত্ৰত কেন্দ্ৰীভূত: কৃষকসকলৰ বাবে আয়ুৰ্বেদ, শিক্ষাৰ্থীসকলৰ বাবে আয়ুৰ্বেদ আৰু সৰ্বসাধাৰণৰ বাবে আয়ুৰ্বেদ।"
আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই আজি জনায় যে ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ অধীনত মুঠ ১২,৫০০ টা আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ অনুমোদিত হৈছে, যাৰ ভিতৰত ৮,০৯৫ টা ইতিমধ্যে কাৰ্যক্ষম হৈছে।
📡 Delhi: Press meet on 30 days countdown series of upcoming 8th Ayurveda Day.https://t.co/iiMtUaHx8T
— Sarbananda Sonowal (@sarbanandsonwal) October 10, 2023
Also Read: শুভমণ গিল অসুস্থঃ জয়ছোৱাল অথবা ঋতুৰাজ আহিব পাৰে ভাৰতীয় দললৈ !
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us