২০২৪ লোকসভা নিৰ্বাচনৰ প্ৰতিচ্ছবি কৰ্ণাটকৰ ফলাফল

২০২৪ লোকসভা নিৰ্বাচনৰ প্ৰতিচ্ছবি কৰ্ণাটকৰ ফলাফল
২০২৪ লোকসভা নিৰ্বাচনৰ প্ৰতিচ্ছবি কৰ্ণাটকৰ ফলাফল

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কেৱল এখন ৰাজ্যৰ ফলাফল নহয়, এয়া দেশৰ পৰৱৰ্তী বছৰত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰতিচ্ছবি। এই গুৰুত্বপূৰ্ণ মন্তব্য বৰ্ষীয়ান ৰাজনৈতিক নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চি পিৰ নেতা শাৰদ পাৱাৰৰ।

তেওঁ দাবী কৰিছে দেশৰ জনসাধাৰণে ২০২৪ তো বিজেপিৰ বিৰুদ্ধে ৰায় প্ৰদান কৰিব। কৰ্ণাটক বিধানসভাত কংগ্ৰেছৰ বিজয় আৰু বিজেপিৰ পৰাজয়ৰ প্ৰসংগত তেওঁ কয়, সফলতা আৰু বিফলতা বুজিব পাৰি। কিন্তু কৰ্ণাটকত বিজেপিক পৰাস্ত কৰাৰ ভূমিকা ৰাইজে গ্ৰহণ কৰিছে।

তেওঁ এই বিজয়ৰ বাবে কংগ্ৰেছক অভিনন্দন জনোৱাৰ লগতে কৰ্ণাটকবাসীকো শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁৰ মতে কৰ্ণাটকবাসীয়ে বিজেপিক এক পাঠ পঢ়োৱালে। এইদৰেই জনতাই সমগ্ৰ দেশতেই বিজেপিক ২০২৪ ৰ লোকসভা নিৰ্বাচনতো এক পাঠ পঢ়োৱাব।

এক সংবাদ মেল সম্বোধন কৰি আজি তেওঁ বিজেপিক সমালেচনাৰ লক্ষ্য কৰি লৈ কয়, যিবোৰ ৰাজ্যত বিজেপি ক্ষমতাত নাই সেই ৰাজ্যবোৰত বিধায়ক ভাঙি চৰকাৰ ভংগ কৰিছে। সম্প্ৰতি বিজেপিয়ে সকলো অবিজেপি শাসিত ৰাজ্যত এই ফৰ্মুলা গ্ৰহণ কৰিছে।

কৰ্ণাটকতো একেই ফৰ্মুলা ব্যৱহাৰ কৰিছিল। ইয়াৰোপৰি তেওঁ মহাৰাষ্ট্ৰৰ একনাথ সিন্দে চৰকাৰৰ প্ৰসংগও উদাহৰণ হিচাপে উত্থাপন কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, মধ্যপ্ৰদেশত কমল নাথ নেতৃত্বাধীন চৰকাৰৰ ক্ষেত্ৰতো বিজেপিয়ে একেই ফৰ্মুলা ব্যৱহাৰ কৰিলে।

গোৱাত বিজেপিয়ে সংখ্যা গৰিষ্ঠতা নোপোৱাৰ পাছতো অন্যান্য দলৰ বিধায়ক ভাঙি চৰকাৰ গঠন কৰিলে। এইয়া বিজেপিৰ নতুন ফৰ্মুলা। ৰাজ্যসমূহত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে।

কেৰালা, তামিলনাডু, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান, দি্লী, ঝাৰখণ্ড, পশ্চিমবংগত বিজেপি ক্ষমতাত নাই। ৰাজ্যসমূহৰ সংখ্যাগৰিষ্ঠতাৰ পৰা বিজেপি বাহিৰ হৈছে।ইয়াৰ পৰাই ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ এক প্ৰতিচ্ছবি আগতীয়াকৈ অনুমান কৰিব পাৰি।

২০২৪ লোকসভা নিৰ্বাচনৰ প্ৰতিচ্ছবি কৰ্ণাটকৰ ফলাফল
'ভাল' নহয়, 'কাল' হ'ল হিমন্ত বিশ্ব শৰ্মা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in