'ভাল' নহয়, 'কাল' হ'ল হিমন্ত বিশ্ব শৰ্মা !

'ভাল' নহয়, 'কাল' হ'ল হিমন্ত বিশ্ব শৰ্মা !
'ভাল' নহয়, 'কাল' হ'ল হিমন্ত বিশ্ব শৰ্মা !

মৃদুল কুমাৰ সন্দিকৈ

ৰাইজেই ৰজা। এটা দিনেই ৰাইজৰ হাতত থাকে, যিটো দিনত ৰাইজে কাৰোবাক আদৰিও ল'ব পাৰে বা পূৰ্বতে আদৰি লোৱাসকলক ক্ষমতাৰ চকীৰ পৰা বহু দূৰলৈ দলিয়াই দিব পাৰে।

কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফলে সেই কথাকেই পুনৰ এবাৰ প্ৰমাণ কৰি দিলে। ২২৪ খন আসনযুক্ত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১১৩ মেজিক নম্বৰ কংগ্ৰেছে অনায়াসে অতিক্ৰম কৰি গ'ল।

এক্সিট পোলৰ আগতীয়া ফলাফলত বহু সমীক্ষাকাৰী সংস্থাই দক্ষিণ ভাৰতৰ এই ৰাজ্যখনত পদুম ফুলাৰেই ইংগিত দিছিল যদিও কংগ্ৰেছৰ হাতৰ চেপাত সেয়া সম্ভৱ হৈ নুঠিল। জনতা জনাৰ্দনে দিয়া ফলাফলক শিৰোধাৰ্য কৰি বিজেপিয়ে ক'বলৈ বাধ্য হ'ল- এই পৰাজয় আমি স্বীকাৰ কৰি ল'লো।

২০১১ চনৰ লোকপিয়ল অনুসৰি কৰ্ণাটকত মুঠ জনসংখ্যা আছিল ৬ কোটি ১১ লাখ। ২০২৩ ত ৰাজ্যখনৰ জনসংখ্যাই ৭ কোটিৰ ঘৰ অতিক্ৰম কৰিলে। ৰাজ্যখনত মুঠ জনসংখ্যাৰ ৮৪.০ শতাংশই হিন্দু ধৰ্মাৱলম্বী। মুছলমান লোকৰ সংখ্যা ১২.৯২ শতাংশ।

কৰ্ণাটকত খ্ৰীষ্টান লোকৰ সংখ্যা ১.৮৭ শতাংশ, জৈন ধৰ্মাৱলম্বী লোকৰ সংখ্যা ০.৭ শতাংশ, বৌদ্ধ ধৰ্মী লোকৰ সংখ্যা ০.২ শতাংশ আৰু শিখ ধৰ্মালম্বী লোকৰ সংখ্যা ০.১ শতাংশ। এই জনবিন্যাসৰ কথা উল্লেখ কৰাৰ এক কাৰণ আছে।

হিন্দুত্বৰ ধ্বজা উৰুৱাই সাম্প্ৰদায়িক মেৰু বিভাজনেৰে শাসনত থকা বিজেপিয়ে এইবাৰো কৰ্ণাটকত ক্ষমতালৈ আহিবৰ বাবে সকলোধৰণৰ চেষ্টা কৰিছিল। দ্যা কেৰেলা ষ্ট'ৰীৰ পৰা আৰম্ভ কৰি মোডী, অমিত শ্বাহৰ ৰেলী আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰলৈকে সকলো চেষ্টাই ব্যৰ্থ হ'ল।

প্ৰাথমিক যি তথ্য পোহৰলৈ আহিছে, সেই তথ্যত দেখা পোৱা গৈছে চহৰ অঞ্চলত বিজেপিয়ে লাভ কৰা মুঠৰ ভোটৰ শতকৰা ২৮.৫ শতাংশৰ বিপৰীতে কংগ্ৰেছে ৪৩ শতাংশ ভোট লাভ কৰিছে। পূৰ্বৰ নিৰ্বাচনৰ তুলনাত চহৰ অঞ্চলত কংগ্ৰেছেৰ ৪.৫ শতাংশ ভোট বৃদ্ধি পাইছে।

গাওঁ অঞ্চলটো কংগ্ৰেছে লাভ কৰা ভোটৰ হাৰ ২০২৩ চনত ৪৪ শতাংশ হৈছেগৈ। চহৰ-নগৰ সকলোতে এতিয়া কংগ্ৰেছে শক্তিশালী ৰূপত মূৰ দাঙি উঠাত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে সেয়া এক বিৰোধী পক্ষৰ বাবে আধাৰ হ'ব বুলিও বহুতে ব্যাখ্যা আগবঢ়াইছিল।

কিন্তু এইটো ঠিক যে, কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফলে আত্মবিশ্বাসী হৈ থকা বিজেপিক এটা ভাল থেকেছা দিলে। কংগ্ৰেছমুক্ত ভাৰতৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰা বিজেপি কাৰ্যতঃ দক্ষিণ ভাৰতত শূন্য হৈ পৰিল।

দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত কৰ্ণাটকতেই বিজেপিৰ চৰকাৰ আছিল। তাৰপৰাও কৰ্ণাটকবাসীয়ে ক্ষমতাৰ পৰা আঁতৰাই পঠিয়ালে। ইয়াৰ কাৰণ কেৱল কংগ্ৰেছৰ প্ৰতি ৰাইজৰ আস্থাই নহয়। ৰাজ্যখনত বিজেপি চৰকাৰৰ অজস্ৰ দুৰ্নীতি আৰু তৃণমূল পৰ্যায়ত কংগ্ৰেছ নেতাৰ ডি কে শিৱ কুমাৰৰ সুনেতৃত্বই এই ফলাফলৰ অন্যতম কাৰণ।

একেদৰে ভাৰত জোড়ো কাৰ্যসূচীত অংশ লোৱা ৰাহুল গান্ধীৰ ৰাজনৈতিক তৎপৰতায়ো দলটোক ভাল ফলাফল লাভ কৰাত সহায় কৰিলে। নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ প্ৰাকক্ষণত ৰাহুল গান্ধীয়ে কৰা এক টুইটত সেই আত্মবিশ্বাস আগতীয়াকৈ প্ৰতিফলিত হৈছিল।

বিধানসভা নিৰ্বাচনত ভাল ফলাফল লাভ কৰিলেও লোকসভা নিৰ্বাচনৰ ফলাফল কংগ্ৰেছৰ পক্ষে নাযাবও পাৰে। ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিজেপিতকৈ অধিক ভোট লাভ কৰিছিল।

কিন্তু সেই ফলাফল ২০১৯ চনত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত প্ৰতিফলিত নহ'ল। ৰাজ্যখনত মুঠ ২৮ খন লোকসভাৰ আসন আছে। সেই আসনসমূহৰ ভিতৰত কিন্তু ২০১৯ ৰ সাধাৰণ নিৰ্বাচনত ২৮ খনৰ ভিতৰত ২৫ খনতেই জয়লাভ কৰিছিল বিজেপিয়ে। কংগ্ৰেছ মাত্ৰ এখন আসনতে সন্তুষ্ট হ'বলগীয়া হৈছিল।

২০২৩ ৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ যি আত্মবিশ্বাস গঢ়লৈ উঠিছে সেই আত্মবিশ্বাস যাতে ২০১৯ ৰ দৰে নহয়গৈ সেয়াও লক্ষ্যণীয় বিষয়। এইবাৰ নিৰ্বাচনত দেখা পোৱা গৈছে বহু কেইটা সমষ্টিত অতি কম ভোটৰ ব্যৱধানত বহু প্ৰাৰ্থী জয়ী হৈছে।

ৰৈচোৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী মাত্ৰ ৯৫ টা , গান্ধীনগৰত কংগ্ৰেছৰ প্ৰাৰ্থী ১০৫ টা, টুমপুৰ চিটি বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ১৪৬ টা, মালো বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী মাত্ৰ ২৪৮ টা ভোটৰ ব্য়ৱধানত জয়ী হৈছে। ৰাইজে কংগ্ৰেছৰ পক্ষত ভোট দিছে। বিজেপিৰ সাম্প্ৰদায়িকতাৰ মনোভাৱক অস্বীকাৰ কৰিছে কৰ্ণাটকৰ ভোটাৰে।

কৰ্ণাটকত কংগ্ৰেছৰ এক ভেঁটি আছিল। ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত ১২২ খন আসন লাভেৰে কংগ্ৰেছ ক্ষমতালৈ আহিছিল। সেইবাৰ বিজেপিয়ে লাভ কৰিছিল মাত্ৰ ৪০ খন আসন। জনতা দল চেকুলাৰে ৪০ খন আসন লাভ কৰিছিল।

নিৰ্বাচনী অংক সদায় খেলিমেলিয়েই হয়। কোনোৱে আগতীয়াকৈ কৈ দিয়া সম্ভৱ নহয়, কোন, কিমানদিনলৈ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী হৈ থাকিব। ২০ বছৰ, ২৫ বছৰ কোনোবা প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি কৰা ভৱিষ্যত বাণীবোৰ নিজক সান্তনা দিয়া আৰু ৰাজনৈতিক অহংকাৰক প্ৰদৰ্শন কৰাৰ এক বাতুলামী।

এইবাৰ কৰ্ণাটকৰ নিৰ্বাচনত ষ্টাৰ কেম্পেইনাৰ আছিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যখনৰ কেইবাখনো চহৰত, কেইবাটাও সমষ্টিত অসমৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছিল। উদুপী জিলাৰ কাপু, মুদাবিদ্ৰী, মাংগালুৰু চিটি নৰ্থ, বেঠামগেদি, কুটডাগ', মাদিকেৰি, ভিৰাছপেট, আৰ্ছকেৰাই আদি সমষ্টিবোৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিজেপিৰ প্ৰাৰ্থীৰ হৈ উদ্দাত্ত ভাষণ দিছিল।

সংবাদ মেল আয়োজন কৰিও অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন যুক্তিৰে কংগ্ৰেছক থকাসৰকা কৰিছিল। বিজেপিয়ে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত এন আৰ চি প্ৰসংগ উত্থাপন কৰি এক ঐতিহাসিক সিদ্ধান্ত লোৱা বুলি ড০ শৰ্মাই সংবাদমেলতেই উল্লেখ কৰিছিল।

ইয়াৰ উপৰিও পি এফ আই প্ৰসংগ আনিছিল ড০ শৰ্মাই। কংগ্ৰেছক পি এফ আইৰ পৃষ্ঠপোষক আখ্যাৰে অসমত কেনেকৈ পি এফ আইৰ বিৰুদ্ধে অভিযান চলাইছিল তাৰ ব্যাখ্যাও আগবঢ়াইছিল। এইবোৰ বিষয়ে উত্থাপন কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঠিকেই সংবাদ শীৰ্ষ লাভ কৰিবলৈ সক্ষম হৈছিল।

কিন্তু তেওঁৰ এই কথাবোৰ কৰ্ণাটকবাসীৰ মনত বিশেষ ৰেখাপাত কৰিব নোৱাৰিলে। ৰাহুল গান্ধীয়ে কৰ্ণাটকবাসীক গাৰেণ্টি দিয়াৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই তেওঁক কটাক্ষ কৰি কৈছিল, যি জন নেতাৰ সাংসদ হোৱাৰ যোগ্যতাও নাই সেইজন নেতাই কৰ্ণাটকবাসীৰ কি গেৰাণ্টী ল'ব?

নিজেই নিজৰ গেৰাণ্টী ল'ব নোৱাৰা ৰাহুল গান্ধীয়ে কৰ্ণাটকবাসীক কি গেৰাণ্টী দিব বুলি মুখ্যমন্ত্ৰীয়ে ঠিকেই প্ৰশ্ন কৰিছিল। সেই প্ৰশ্নৰ উত্তৰ কৰ্ণাটকবাসীয়ে নিৰ্বাচনী ফলাফলৰ মাধ্যমেৰেই যেন দি দিলে।

সংখ্যালঘু লোকৰ সংৰক্ষণৰ নীতিক লৈ সৰৱ হৈছিল হিমন্ত বিশ্ব শৰ্মা। চিধাকৈ একো নকলেও তেওঁৰ ৰাজনৈতিক বক্তব্যত আছিল সাম্প্ৰদায়িক মেৰু বিভাজনৰ পৰোক্ষ বা প্ৰতক্ষ্য ইংগিত। সেয়েহে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফলৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিক্ৰিয়া সন্দৰ্ভত টিপ্পনী কৰিলে কৰ্ণাটকত বিজেপিক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডুবালে।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ২২৪ খন আসনৰ ভিতৰত ১৩৭ খন আসন কংগ্ৰেছে দখল কৰিছে।বিজেপিয়ে ৬৫ খন আসনত জয়লাভ কৰিছে। এইবাৰ নিৰ্বাচনত জনতা দল চেকুলাৰে ১৯ খন আসন লাভ কৰিলে। পূৰ্বৰ ২০১৮ চনৰ নিৰ্বাচনৰ তুলনাত কংগ্ৰেছে ৫৫ খন আসন বেছিকৈ লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৩৯ খন আসন হেৰুৱাবলগীয়া হ'ল।

কিং মেকাৰ হ'ব বুলি ভাবি থকা জনতা দল চেকুলাৰে ১৭ খন আসন হেৰুৱালে। ৩ খন আসনত অন্যান্য দলৰ প্ৰাৰ্থী জয়ী হৈছে। এই জয়ক কংগ্ৰেছে কিদৰে আগুৱাই নিয়ে এয়াই হ'ব দেশৰ ৰাজনীতিৰ বাবে গুৰুত্বপূৰ্ণ। কমল হাছানৰ দৰে অভিনেতাই ৰাহুল গান্ধীক অভিনন্দন জনাই কৈছে, You walked your way into people's hearts.

কংগ্ৰেছক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে।CBI, ED লগাই নিৰ্বাচনত সকলো সময়তে জয়ী হ'ব নোৱাৰি। অত্যাধিক আত্মবিশ্বাস আৰু কথা বতৰাত অহংকাৰৰ সুৰ প্ৰতিফলিত হোৱাসকলৰ বাবে যেন কৰ্ণাটকৰ নিৰ্বাচন যেন এক ভাল শিক্ষা।

বিজেপিক ভোট দিয়া সাধাৰণ লোকসকসলেও যেন এই নিৰ্বাচনৰ ফলাফলত সন্তুষ্টি আৰু সন্তোষৰ হাঁহি মাৰিছে। ৰাজনৈতিক বিশ্লেষকসকলৰ দৰে তেওঁলোকে নিৰ্বাচনৰ গতি-প্ৰকৃতি একো নাজানিও ফলাফল দেখি মাথো কৈছে- ভালেই হৈছে।

'ভাল' নহয়, 'কাল' হ'ল হিমন্ত বিশ্ব শৰ্মা !
হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ জানিছিল কৰ্ণাটকত পৰাজয় নিশ্চিত !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in