কোনোৱে প্ৰধানমন্ত্ৰীক অপমান কৰিলে সেয়া কোনো পধ্যেই স্বীকাৰ কৰিব নোৱাৰিঃ শাৰদ পাৱৰ

কোনোৱে প্ৰধানমন্ত্ৰীক অপমান কৰিলে সেয়া কোনো পধ্যেই স্বীকাৰ কৰিব নোৱাৰিঃ শাৰদ পাৱৰ

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমৰ্থনত এনচিপি নেতা শাৰদ পাৱাৰ। বৰ্তমান সময়ত মালদ্বীপ আৰু লক্ষ্যদ্বীপৰ বিবাদ বৃদ্ধি হৈ আছে। মালদ্বীপৰ মন্ত্ৰী মৰিয়ম শিওনাই প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে অপামনজনক মন্তব্য কৰাৰ পাছতেই তেওঁক বৰ্খাস্ত কৰিছিল মালদ্বীপ চৰকাৰে।

বৰ্তমান এই বিবাদ আৰু বৃদ্ধি পাইছে। বহু ভাৰতীয়ই মালদ্বীপৰ ভ্ৰমণসূচী বাতিল কৰিছে। ইয়াৰ মাজতে মঙলবাৰে এই বিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে এনচিপি নেতা শাৰদ পাৱাৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য স্বীকাৰ কৰিব নোৱাৰি।

তেওঁ কয় যে তেওঁ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী। যদি কোনো দেশৰ এজন লোক আমাৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰে তেন্তে আমি স্বীকাৰ কৰিব নোৱাৰো। প্ৰধানমন্ত্ৰীৰ পদটোক সন্মান কৰিব লাগে। গতিকে বাহিৰা দেশৰ মানুহে, তেওঁ যিয়েই পদত নাথাকক লাগিলে আমাৰ প্ৰধানমন্ত্ৰীক কৰা অপমান কেতিয়াও মানি ল'ব নোৱাৰি।

উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লক্ষ্যদ্বীপ ভ্ৰমণৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছিল। তাৰ পাছতেই মালদ্বীপৰ কেইবাজনো মন্ত্ৰীয়ে ইয়াৰ বিৰুদ্ধে মন্তব্য প্ৰদান কৰিছিল। মালদ্বীপ নেতাৰ মন্তব্যৰ পাছতেই ভাৰতীয় সকলে মালদ্বীপ ভ্ৰমণ বাতিল কৰিছিল। দেশৰ বহু তাৰকাইও লক্ষ্যদ্বীপ ভ্ৰমণ কৰাৰ আহ্বান কৰিছিল।

এই ঘটনাৰ পাছতেই মালদ্বীপ চৰকাৰে এক বিবৃতি জাৰি কৰি কৈছিল যে সেয়া কোনো ব্যক্তি বিশেষক মন্তব্য। সেই মন্তব্যৰ লগত চৰকাৰৰ কোনো সম্পৰ্ক নাই। বৰ্তমানো চলি আছে এই বিবাদ। ইয়াৰ ফলত সমস্যাৰ সন্মুখীন হৈছে মালদ্বীপ চৰকাৰ।

কোনোৱে প্ৰধানমন্ত্ৰীক অপমান কৰিলে সেয়া কোনো পধ্যেই স্বীকাৰ কৰিব নোৱাৰিঃ শাৰদ পাৱৰ
কংকনৰ কিতাপখন ওলাল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in