কংকনৰ কিতাপখন ওলাল...

কংকনৰ কিতাপখন ওলাল...

তেওঁৰ কথা এজন সুলেখকেই কৈছিল। এখন নতুন কিতাপ ওলাব। সেই কিতাপখনৰ বিষয়ে নহয়, লিখকজনৰ বিষয়েহে কিবা এটা লিখাটো এই সু-লেখকগৰাকীয়ে বিচাৰিছে। প্ৰথমে কথাটোত বৰ বেছি গুৰুত্ব বা আগ্ৰহ জন্মা নাছিল।

বহুকেইখন সুপঠিত জনপ্ৰিয় উপন্যাস লিখা ধ্ৰুৱজ্যোতি অৰ্জুনাৰ সৈতে সামাজিক মাধ্যমৰ মেছেঞ্জাৰতেই যোগাযোগ হৈছিল। তেওঁৱেই এই বিশেষ লিখকগৰাকীৰ যোগাযোগৰ নম্বৰ দিছিল।

সেই নম্বৰটোত যোগাযোগ কৰা হৈছিল যদিও তেওঁ ফোন ৰিচিভ নকৰাত বিশেষ লিখকজনৰ বিষয়ে নিলিখাকৈয়ে ৰৈ গ'ল। গ্ৰন্থমেলাৰ অন্তিম দিনা আকৌ এবাৰ ধ্ৰুৱজ্যোতিয়ে দিয়া নম্বৰটোত যোগাযোগ কৰাত ফোনটো তেওঁৰ মাতৃয়ে ধৰিলে।

লিখক জনৰ নাম কংকন শৰ্মা। সৌভাগ্যৰ কথা যে মাতৃৰ সৈতে ফোনত কথা পাতি থাকোতেই মাতৃয়ে জনালে কংকনৰ উপন্যাসখন আজিহে অৰ্থাৎ ৯ জানুৱাৰী ২০২৪ ত প্ৰকাশ হৈ ওলাইছে।

কিতাপখনৰ নাম- স্বৰ্ণসলিলা এক বীৰগাঁথা। এই লিখকজনৰ কিতাপখনৰ প্ৰতি আন এজন লেখক আৰু বহু অনুৰাগীৰ ইমান আগ্ৰহ কিয় সেয়া জানিবলৈ টান নহ'ল। কংকনৰ মাতৃয়ে ক'লে কংকনে কানেৰে নুশুনে। সেয়েহে তাৰ হৈ তেওঁৱেই কথা পাতিব লগা হৈছে।

তাৰ মাজতে কংকনৰ মাকৰ জৰিয়তে কংকনক দুই এটা সৰু কথা সোধা হ'ল মোবাইলতে। কংকনে ক'লে এই উপন্যাসখন সি ফেচবুকত ২০২০ চনতেই আৰম্ভ কৰিছিল। মোবাইলতে লিখিছিল সকলো। মাজতে কিছুদিন লিখা বন্ধ কৰিছিল। আকৌ লিখি ২০২১ চনত উপন্য়াসখন সম্পূৰ্ণ কৰিছিল।

এক পৌৰাণিক, কাল্পনিক কাহিনী আছে কংকনৰ উপন্যাসখনত। মাকৰ মতে কংকন খুব অধ্যয়নশীল আৰু যোগাত্মক চিন্তাৰ অধিকাৰী। মাকে লগতে এয়াও জনালে ৯ বছৰ বয়সৰ পৰা অসুস্থ হৈ পৰা কংকন মটৰ নিউৰন ৰোগত আক্ৰান্ত। যি ৰোগত আক্ৰান্ত হৈছিল সুকণ্ঠী গায়িকা দিপালী বৰঠাকুৰ।

অত্যন্ত বিনম্ৰ আৰু মৃদুভাশী কংকন। সময় অতিবাহিত হোৱাৰ লগে লগে কংকনৰ বেমাৰৰ প্ৰতিক্ৰিয়া দেহত বেছি হৈ আহিছে। সেই সকলোবোৰ জটিলতা কংকনে লিখা-মেলাৰ জৰিয়তে পাহৰি নতুনত্বৰ সন্ধানেৰে সাহসেৰে বাট বুলিছে।

মাকে কংকনৰ কথাবোৰ কৈ গৈছিল সাবলীলভাৱে। কথাতেই গ'ম পোৱা গৈছিল এগৰাকী মাতৃ হিচাপে তেওঁৰ মানসিক অৱস্থাৰ কথা। কিন্তু মানুহগৰাকীয়ে তেওঁ কথাৰ মাজত ভাঙি পৰা হা-হুমুনিয়াহ এৰা নাছিল। বৰঞ্চ পৰম প্ৰত্যয়ৰে কৈছিল সি খুব লেখা-মেলা কৰে। খোজ কাঢ়িবলৈ তাৰ অসুবিধা হয়। কানেৰে নুশুনে। হাতৰ আঙুলি কেইটা দুৰ্বল হৈ পৰিছে। কিন্তু সি মোবাইলতে তেনেকৈয়ে লিখা-মেলা কৰে।

মাতৃয়ে ইয়াকো ক'লে কংকনৰ এজনী ভনীয়েক আছে। তাইয়ো অনুৰূপ ৰোগতে আক্ৰান্ত। কিন্তু তায়ো ভাল কবিতা লিখে। কংকনৰ ৰাতি বৰ অসুবিধা হয়। নিশ্বাসত কাৰ্বন ডাই অক্সাইড এৰিব নোৱাৰে। সেয়েহে মেচিন ল'ব লগাত পৰে।

কংকনৰ সৈতে বৰ বেছি কথা পতা নহ'ল। গ্ৰন্থ মেলাৰ অন্তিম দিনটোত কংকন গ্ৰন্থমেলা যাবলৈ সাজু হৈছিল তেতিয়া। ছাৰ্টৰ বুটাম কেইটা কংকনৰ মাকেই তাক মাৰি দিব লগা হৈছিল।

২০১৪ চনতেই কংকনে চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা জেই পাঠ্যক্ৰম সাং কৰিছে। এতিয়া ৩২ বছৰীয়া কংকন অৱশ্যে নিবনুৱা! কংকনৰ মাতৃৰ সৈতে কথা পাতি শেষ কৰি কংকনৰ কিতাপ খনৰ প্ৰকাশক জাগৰন সাহিত্যৰ স্বত্বাধিকাৰীৰ সৈতে যোগাযোগ কৰিব লওতেই কংকনত যোগাযোগ কৰা নম্বৰটোৰ পৰা এটা মেছেজ আহিল।

কংকনে সেই মেছেজত তেওঁৰ বিষয়ে সৱিশেষ লিখি পঠালে এইদৰে- ১৯৯৭ চনৰ পৰাই মই মটৰ নিউৰণত ভুগি আছোঁ ৷ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা ইলেক্ট্ৰনিকছ্‌ এণ্ড টেলিকমিউনিকেছনত ডিপ্ল’মা লৈছোঁ৷ স্বৰ্ণসলিলা মাইথ’লজীকেল ফিকচনখন ২০১৫ তে বহীত লিখিব লৈছিলোঁ যদিও ২০২০ চনত মবাইলত লিখিব আৰম্ভ কৰোঁ আমিনুৰ ৰহমান পৰিচালিত “অসমীয়া গদ্য চৰ্চা” নামৰ ফেচবুক গোটত৷ বিভিন্ন কাৰণত লেখা বন্ধ হৈছিল যদিও ধ্ৰুৱজ্যোতি অৰ্জুনা দা’ৰ তাগিদাত মাত্ৰ ষাঠি দিনৰ ভিতৰতে লিখি শেষ কৰিছিলোঁ৷ প্ৰতাপপুৰ নামৰ মহাজনপদখনৰ আভ্যন্তৰীণ তথা বৈদেশিক ৰাজনীতি, ষড়যন্ত্ৰ, প্ৰেম-কৰ্তব্যৰ সংঘাত আদিয়েই উপজীৱ্য৷ জাগৰণ সাহিত্য প্ৰকাশনে প্ৰকাশ কৰিছে উপন্যাসখন৷ ইয়াৰ আগতে মই “বিকুলচ্ ৱৰ্কশ্বপ” নামৰ এখন বাস্তৱভিত্তিক সামাজিক উপন্যাস লিখিছোঁ যদিও অপ্ৰকাশিত ৰূপত ফেচবুকতে আছে৷

কংকনৰ পিতৃৰ নাম গৌতম শৰ্মা আৰু মাতৃৰ নাম লতিকা দেৱী। দেউতাক চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত কৰ্মশালা প্ৰশিক্ষক আছিল।

তাৰপাছত কংকনৰ নতুন কিতাপখনৰ প্ৰকাশক ৰূপজ্যোতি দেৱনাথৰ সৈতে কংকনৰ কিতাপখনৰ সন্দৰ্ভত কিছু কথা পতা হ'ল। প্ৰকাশ দেৱনাথে ক'লে ফেচবুকত কংকনৰ উপন্যাসখন পঢ়িয়েই তেওঁ সেইখন প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহিছে।

কংকনে তেওঁক সেই উপন্যাসৰ পাণ্ডুলিপি দিছিল। উপন্যাসখনৰ বাবে পাঠক ৰৈ থকাৰ কথা তেওঁ জনালে। প্ৰকাশৰ পূৰ্বেই কংকনৰ উপন্যাসখনৰ ১৫০ কপি অনলাইন যোগে বিক্ৰীৰ অৰ্ডাৰ পাইছে।

এয়া কংকনৰ বাবে সুখবৰ। কংকনৰ এই উপন্যাসখনৰ কলেবৰ সৰু নহয়। ৪৩২ পৃষ্ঠাৰ এই উপন্যাসখনৰ মূল্য ৪৫০ টকা। লিখকৰ বাবে এয়া এক সুখৰ ক্ষণ। কংকনৰ উপন্যাসখনৰ প্ৰকাশ পোৱাৰ খবৰ কংকনৰ লগতে তেওঁৰ গুণগ্ৰাহীৰ বাবেও এটা ভাল আৰু আনন্দৰ খবৰ। অভিনন্দন কংকন!

কংকনৰ কিতাপখন ওলাল...
'কিতাপ' ফেৰিৱালাৰ মাল নহয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in