কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰঙা দলিছাত খোজ চাৰা আলী খানৰ

চাৰা আলী খানৰ পূৰ্বে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰঙা দলিছাত খোজ কাঢ়িছিল মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন, দীপিকা পাডুকন, প্ৰিয়ংকা চোপ্ৰা আৰু সোনম কাপুৰে

author-image
Asomiya Pratidin
New Update
কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰঙা দলিছাত খোজ চাৰা আলী খানৰ

ডিজিটেল ডেস্কঃ অৱশেষত কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰঙা দলিছাত খোজ দিয়াৰ সৌভাগ্য ঘটিল চাৰা আলী খানৰ। কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৩ৰ ৰঙা দলিছাত খোজ বলিউডৰ মোহময়ী অভিনেত্ৰী চাৰা আলী খানৰ।

Advertisment

জনপ্ৰিয় অভিনেতা ছইফ আলী খানৰ দুহিতা চাৰাই মঙলবাৰে কাঁ চলচ্চিত্ৰ মহোৎসৱত ক'লা বৰণৰ লেহেংগা,ডিঙিত সোণৰ আ-অলংকাৰ পৰিধান কৰি ৰঙা দলিছাত খোজ দিয়াৰ সৌভাগ্য ঘটে। তেওঁৰ এই অপৰূপ সৌন্দৰ্যৰ ছবি মহুৰ্ততে বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাসমূহে প্ৰকাশ কৰে।

আনহাতে কেৰিয়াৰৰ এনে স্বৰ্ণিল সময়ৰ বাবে অনুৰাগী তথা একাংশ সহ শিল্পীয়ে তেওঁক প্ৰশংসা কৰে। অৱশ্যে ২০২৩ বৰ্ষত অভিনেত্ৰীগৰাকীৰ কোনো ছবি মুক্তি নোহোৱাকৈ কিয় ৰঙা দলিছাত খোজ কাঢ়িবলৈ দিয়া হ'ল তাকে লৈ একাংশ লোকে প্ৰশ্ন উত্থাপন কৰে।

চাৰা আলী খানৰ পূৰ্বে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰঙা দলিছাত খোজ কাঢ়িছিল মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন, দীপিকা পাডুকন, প্ৰিয়ংকা চোপ্ৰা আৰু সোনম কাপুৰে। উল্লেখ্য যে, চলিত বৰ্ষৰ ১৬ মে'ৰ পৰা ২৭ মে'লৈকে অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৩। ফ্ৰান্সত মহোৎসৱখনিৰ শুভাৰম্ভ হৈছিল ১৯৪৬ চনত।

Also Read: বাক্সাৰ দিহিৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক কেলেংকাৰী !

Cannes Film Festival