বাক্সাৰ দিহিৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক কেলেংকাৰী !

বাক্সাৰ দিহিৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক কেলেংকাৰী !

ডিজিটেল সংবাদ, মুছলপুৰ : দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল হোৱাৰ কথা ৰাজ্য চৰকাৰে বাৰে বাৰে ঘোষণা কৰাৰ পাচতো গা লৰা নাই একাংশ ভি চি ডি চিৰ অধ্যক্ষ, অধ্যক্ষা তথা সদস্যৰ । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়াৰ নামত হিতাধিকাৰীৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছিল বাক্সাৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ ডাঙৰিগাঁও ভি চি ডি চিৰ অন্তৰ্গত নাওঁপুটা ধনবিল গাঁৱত।

জানিব পৰা মতে গাঁৱখনৰ কেবাটাও দুখীয়া পৰিয়ালক চৰকাৰী ঘৰ দিয়াৰ নামত টকা সংগ্ৰহ কৰা বুলি বাতৰি সম্প্ৰচাৰ হৈছিল অধ্যক্ষা টুটুমনি কলিতাসহ তেওঁৰ স্বামী শিক্ষক দুলু কলিতা আৰু জি.আৰ.এচ. ৰঞ্জু দাসৰ বিৰুদ্ধে । ভুক্তভোগী লোকসকলে জনোৱা অনুসৰি শিক্ষক দুলু কলিতা আৰু জি.আৰ.এচ ৰঞ্জু দাসে ইতিমধ্যে গাঁৱখনৰ বহু দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ২-৩ হেজাৰ পৰ্যন্ত টকা সংগ্ৰহ কৰা বুলি বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিল।

কিন্তু বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই তেওঁলোকৰ দোষ ধাকিবলৈ অভিযুক্ত অধ্যক্ষা টুটুমনি কলিতাই এক সংবাদমেল সম্বোধন কৰি তেওঁৰ লগতে স্বামী শিক্ষক দুলু কলিতা আৰু জি.আৰ.এচ ৰঞ্জু দাসৰ বিৰুদ্ধে অনা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি অভিহিত কৰে। লগতে তেওঁৰ স্বামীৰ এইক্ষেত্ৰত কোনোধৰণৰ সম্পৰ্ক নাই বুলি সংবাদ মাধ্যমযোগে স্পষ্ট কৰি দিছিল ।

ইফালে হিতাধিকাৰীৰ পৰা ধন লোৱাৰ অভিযোগৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতহে তাৰ পৰৱৰ্তী দিনা পুৱাই হিতাধিকাৰীৰ ঘৰত গৈ উপস্থিত হৈছিল দিহিৰা টি এল চি চিৰ চেয়াৰমেন শৈলেন গোস্বামীসহ আন দুই ব্যক্তি । ৭০ বছৰীয়া হিতাধিকাৰী ফটিক ৰায়ে জনোৱা অনুসৰি শৈলেন গোস্বামীয়ে তেওঁক অনতিপলমে চেয়াৰমেনক দিয়া টকা ঘূৰাই দিবলৈ কয় আৰু যদিহে নিদিয়ে তেন্তে তেওঁলোকে বলপূৰ্বকভাৱে হ'লেও সেই টকা তেওঁলোকৰ পৰা আদায় কৰি হে এৰিব ।

ইফালে অন্য এগৰাকী হিতাধিকাৰী পানীৰাম তিৰ্কিয়ে জনোৱা অনুসৰি চেয়াৰমেন টুটুমনি কলিতাৰ স্বামী দুলু কলিতাই হিতাধিকাৰীৰ ঘৰলৈ গ'লে হেলমেট নোখোলে । কিয় নোখোলে সেই কথা অৱশ্যে তেওঁৰ জ্ঞাত নহয় । তেওঁ কেৱল এটা কথাই জানে যে দুলু কলিতাই যিকোনো হিতাধিকাৰীৰ ঘৰলৈ গ'লে হেলমেট নোখোলে ।

অসমৰ মুখ্যমন্ত্ৰী আৰু বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই সকলো কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যক দূৰ্নীতিৰ বিৰুদ্ধে মাৰবান্ধি থিয় হবলৈ আহ্বান জনোৱাৰ পাচতো ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বি টি আৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য হ'বলৈ সক্ষম হোৱা ঘনশ্যাম দাসৰ গণ সুৰক্ষা পাৰ্টিৰ একাংশ ভি চি ডি চিৰ সদস্য, অধ্যক্ষ-অধ্যক্ষাৰ লগতে এগৰাকী চৰকাৰী শিক্ষকে কাৰ ছত্ৰছায়াত এনেদৰে দুৰ্নীতিত লিপ্ত হ'বলৈ মৰসাহ কৰিব পাৰিছে তাকে লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে সচেতন মহল ।

উল্লেখযোগ্য যে ইয়াৰপূৰ্বেও গণ সুৰক্ষা পাৰ্টিৰ একাংশ ভি চি ডিৰ কৰ্মীয়ে চৰকাৰী ঘৰ দিয়াৰ নামত ৪-৫ হেজাৰকৈ টকা সংগ্ৰহ কৰাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি আক্ষেপ প্ৰকাশ । কিন্তু এইবাৰ যিহেতু এগৰাকী চৰকাৰী শিক্ষকৰ কথা বাৰে বাৰে উত্থাপন হৈছে সেইক্ষেত্ৰত এইবাৰ বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো তথা অসমৰ মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব বুলি সচেতন মহলে আশা প্ৰকাশ কৰে।

বাক্সাৰ দিহিৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক কেলেংকাৰী !
ফাটবিহুৰ গৰিমাত কালিমা : ঢকুৱাখনা জ্যেষ্ঠ নাগৰিকৰ ধিক্কাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in