পৰিচয় ৰক্ষাৰ বাবে অহিংসা আৰু  অস্ত্ৰ সংগ্ৰাম চলি আছে, আমি  শান্তি বিচাৰোঃ সমুজ্জ্বল ভট্টাচাৰ্য

পৰিচয় ৰক্ষাৰ বাবে অহিংসা আৰু অস্ত্ৰ সংগ্ৰাম চলি আছে, আমি শান্তি বিচাৰোঃ সমুজ্জ্বল ভট্টাচাৰ্য

ডিজিটেল ডেস্কঃ  দেওবাৰে পুৱা ১০.৩০ বজাৰ পৰা দিল্লীস্থিত অশোক হোটেলত অনুষ্ঠিত হৈছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ-২০২৩। আজিৰ তৃতীয়টো আলোচনা চক্ৰৰ বিষয়বস্তু- ‘আইডেনটিটি কুৱেষ্টঃ আনৰেভেলিং দ্য এথনিক টাপেষ্ট্রি অৱ নৰ্থ-ইষ্ট ইণ্ডিয়া’। এই আলোচনাত উপস্থিত থাকে প্রদ্যুৎ মাণিক্য দেৱ বাৰ্মা, সঞ্জয় হাজৰিকা, সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু সমুৱেল ভট্টাচাৰ্যই।

জ্যেষ্ঠ সাংবাদিক শোনিত কুমাৰ ভূঞাই আঁত ধৰা অনুষ্ঠানটিত আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই উত্তৰ-পূৱৰ সমস্যা সমূহৰ ওপৰত আলোকপাত কৰে।

তেওঁ কয় যে, আমি পৰিচয়ৰ কথা চাবলৈ গ'লে প্ৰাক স্বাধীনতাৰ সময়খিনিও চাব লাগিব।স্বাধীনতা আন্দোলনৰ সময়ত সকলো ওলাই আহিছিল। ভাৰতৰ লগত সংলগ্ন হবলৈ চুক্তি হৈছিল। কিন্তু আমি উত্তৰ- পূৱৰ খিলঞ্জীয়া মানুহ কেতিয়াও পৰাধীন নাছিলো। দেশ বিভাজনৰ সময়ত আমাক চি গ্ৰুপত পাকিস্তানৰ লগত দিয়া হৈছিল। তেতিয়া আমি পৰিচয়ৰ ৰক্ষাৰ বাবে যুঁজ দিছিলো। ৰক্ষা হৈছিলো।

এতিয়া আমাৰ এনে পৰিস্থিতি আহি পৰিছে যে অৰুনাচলৰ খেলুৱৈ চীনত এছিয়ান গেমছত অংশগ্ৰহণ কৰিব পৰা নাই। এয়া আমাৰ পৰিচয় সুৰক্ষা কৰাৰ বাবে ভাৰত চৰকাৰৰ অসফলতা।

উত্তৰ-পূৱত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক আছে।সকলোৰে ভাষা, পৰিচয়, সংস্কৃতি বেলেগে বেলেগ। কিন্তু মনৰ পৰা সকলো একেই। ৰাজনৈতিক ভাৱে পৃথক হ'লেও আমি মনৰ পৰা সদায় একে।এয়াই উত্তৰ-পূৱ।

অনুপ্ৰৱেশকাৰী উত্তৰপূৱৰ লোকৰ পৰিচয়ত ব্যাঘাত জন্মোৱাৰ মূল কাৰণ নেতি বুলি কৰা প্ৰশ্নত ভট্টাচাৰ্যই কয় যে, যদি ভাৰত চৰকাৰে তিনি বছৰৰ ভিতৰত ভাৰত-পাকিস্তান সীমান্ত বন্ধ কৰিব পাৰে, তেন্তে উত্তৰ-পূবৰ বাবে কিয় নহয়? তেওঁ কয় যে উত্তৰ-পূবৰ লোকসকলৰ পৰিচয়ৰ সৈতে আপোচ নকৰাকৈ দুৱাৰ খোলা থাকিব লাগে।

ভট্টাচাৰ্যই লগতে কয় যে, সীমান্তৰ দুয়োফালে বাস কৰা লোকসকলে তেওঁলোকৰ মাজত সম্পৰ্ক ৰক্ষা কৰি আছে। তেওঁ কয়, "ভাৰত চৰকাৰে উত্তৰ-পূব ভাৰতক সাতখন ৰাজ্যত বিভক্ত কৰিছিল কিন্তু সীমান্ত নিৰ্ধাৰণ কৰাত ব্যৰ্থ হৈছিল। সীমাৰ দুয়োফালে বাস কৰা জাতিগত লোকসকলে উপলব্ধি কৰিছে যে তেওঁলোকে ভাল চুবুৰীয়াৰ দৰে জীয়াই থাকিব লাগিব। যাৰ বাবে সম্পৰ্ক বৰ্তাই ৰাখিছে।

সমুজ্জল ভট্টাচাৰ্যই কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি লগতে কয়, "অসমত বাহ্যিক আক্ৰমণ আৰু আভ্যন্তৰীণ বিশৃংখলতা সন্দৰ্ভত চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰত মৌনতা অৱলম্বন কৰি আছে। যদি গুজৰাটত এনে ধৰণৰ অনুপ্ৰৱেশ সংঘটিত হয় তেন্তে ভাৰতৰ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে কেনে প্ৰতিক্ৰিয়া দেখুৱাব?

পৰিচয়ৰ ভাবুকিৰ সমাধান সন্দৰ্ভত তেওঁ কয় যে পৰিচয় সুৰক্ষাৰ সংগ্ৰাম দুটা শাখাত চলি আছে। সেইবোৰ অহিংস শান্তিপূৰ্ণ আন্দোলন আৰু আনটো হৈছে অস্ত্ৰ সংগ্ৰাম। এই দুটা সমান্তৰাল ৰেখা। আমি শান্তি প্ৰক্ৰিয়া অব্যাহত থকাটো বিচাৰো। হিংসা বাছনি কৰা উগ্ৰপন্থী সংগঠনবোৰৰ কেন্দ্ৰীয় চৰকাৰৰ আলোচনা বিচাৰো।

যদি মই এটা সমাধানৰ কথা কওঁ তেন্তে তাত চাৰিটা কথা আহি পৰিব। সেয়া হ'ল - সীমান্ত বন্ধ কৰি দিব লাগিব, এন আৰ চি উন্নীতিকৰণ, অসম চুক্তি কাৰ্যকৰী আৰু সাংবিধানিক সুৰক্ষা । আমি আমাৰ সাংবিধানিক সুৰক্ষা বিচাৰো য'ত আমাৰ পৰিচয় সুৰক্ষিত আৰু আমাৰ অধিকাৰ সুৰক্ষিত থাকে।

পৰিচয় ৰক্ষাৰ বাবে অহিংসা আৰু  অস্ত্ৰ সংগ্ৰাম চলি আছে, আমি  শান্তি বিচাৰোঃ সমুজ্জ্বল ভট্টাচাৰ্য
আমি আমাৰ হকে মাত নামাতিলে, নৰ্থ আমেৰিকাৰ ৰেড ইণ্ডিয়ানছৰ দৰে হৈ পৰিমঃ সমুৱেল বি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in