আমি আমাৰ হকে মাত নামাতিলে, নৰ্থ আমেৰিকাৰ ৰেড ইণ্ডিয়ানছৰ দৰে হৈ পৰিমঃ সমুৱেল বি

আমি আমাৰ হকে মাত নামাতিলে, নৰ্থ আমেৰিকাৰ ৰেড ইণ্ডিয়ানছৰ দৰে হৈ পৰিমঃ সমুৱেল বি

ডিজিটেল ডেস্কঃ  দেওবাৰে পুৱা ১০.৩০ বজাৰ পৰা দিল্লীস্থিত অশোক হোটেলত অনুষ্ঠিত হৈছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ-২০২৩। আজিৰ তৃতীয়টো আলোচনা চক্ৰৰ বিষয়বস্তু- ‘আইডেনটিটি কুৱেষ্টঃ আনৰেভেলিং দ্য এথনিক টাপেষ্ট্রি অৱ নৰ্থ-ইষ্ট ইণ্ডিয়া’। এই আলোচনাত উপস্থিত থাকে প্রদ্যুৎ মাণিক্য দেৱ বাৰ্মা, সঞ্জয় হাজৰিকা, সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু সমুৱেল ভট্টাচাৰ্যই।

শোনিত কুমাৰ ভূঞাই আঁত ধৰা অনুষ্ঠানটিত নেছ'ৰ সমুৱেল বি জেৱৰাই এই বিষয়টোৰ ওপৰত আলোকপাত কৰে। তেওঁলৈ প্ৰশ্ন আছিল- উত্তৰ-পূবৰ খিলঞ্জীয়া লোকসকলে এতিয়াও তেওঁলোকৰ অধিকাৰৰ হকে যুঁজি আছে নেকি?

এই সন্দৰ্ভত নেছৰ অধ্যক্ষগৰাকীয়ে কয়, ইতিহাস চালে গম পোৱা যায় যে, ভাৰতীয় সৈন্যৰ সহায়ত ব্ৰিটিছ বিষয়াসকলে আমাৰ ওপৰত ২০০ বছৰৰো অধিক সময় ধৰি নিয়ন্ত্ৰণ কৰি আছিল। তাৰপাছত ১৮২৯ চনত খাচী পাহাৰৰ মুৰব্বীয়ে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল আৰু ই চাৰি বছৰ ধৰি চলিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ, খাচীসকল পৰাজিত হৈছিল। খাচী সকলৰ দৰে বেলেগ প্ৰধান আৰু ৰজাসকলে ভাৰতৰ মূল ভূখণ্ড আৰু ভাৰতৰ উত্তৰ-পূব অংশত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল।

স্বাধীনতা লাভ কৰাৰ পাছতো ভাৰতৰ খিলঞ্জীয়া লোকসকলে এতিয়াও সুৰক্ষিত অনুভৱ কৰা নাই। ভাৰতৰ এই বিশাল মূল ভূখণ্ডত ১৩৫ কোটি জনসংখ্যাৰ ভিতৰত উত্তৰ-পূব ভাৰতৰ ৫ কোটি জনসংখ্যা। সাগৰত এটোপাল পানীৰ দৰে আমি। যদি আমি আমাৰ পৰিচয় যুঁজ নিদিও তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্ম নৰ্থ আমেৰিকাৰ ৰেড ইণ্ডিয়ানছৰ দৰে হৈ পৰিব। সেইবাবে আজিলৈকে ভাৰত চৰকাৰে এখনো আঁচনি ভালদৰে লব পৰা নাই যিয়ে আমাৰ সুৰক্ষা নিশ্চিত কৰিব। সেয়ে আমাৰ খিলঞ্জীয়া লোকে আজিও নিজৰ অধিকাৰৰ বাবে যুঁজ দি আছে।

কিছুমান উদাহৰণৰ ওপৰত আলোকপাত কৰি জিৰৱাই কয়, "আমি ভাৰতৰ উত্তৰ-পূবত দেখিছো যে একাংশই নাগৰিকত্ব সংশোধনী আইনৰ (চিএএ) বিৰোধিতা কৰিছিল। কিন্তু ভাৰত চৰকাৰে আমাৰ ওপৰত 'কা' জাপি দিছে। কেৱল আইএলপি শাসিত ৰাজ্য আৰু ষষ্ঠ অনুসূচী ক্ষেত্ৰ সমূহ ৰেহাই দিয়া হৈছে।তেওঁ লগতে কয়, "এয়া ৰাজনৈতিক অন্যায়ৰ আন এটা উদাহৰণ । ১৯৪৭ চনৰ স্বাধীনতাৰ পৰা ২০২৩ চনলৈকে এনে উদাহৰণ বহুত আছে।

আমি আমাৰ হকে মাত নামাতিলে, নৰ্থ আমেৰিকাৰ ৰেড ইণ্ডিয়ানছৰ দৰে হৈ পৰিমঃ সমুৱেল বি
মোৰ বাবে ৰাজনীতি নহয়, জাতি ৰক্ষা কৰাহে গুৰুত্বপূৰ্ণঃ প্রদ্যুৎ মাণিক্য দেৱ বাৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in