'আপ'ক বিদায় অভিনেত্ৰী সম্ভাৱনা শেঠৰ

ভোজপুৰী চিনেমাৰ মোহময়ী অভিনেত্ৰী তথা বিগ বছ নামৰ ৰিয়েলিটি শ্ব'ৰ প্ৰতিদ্বন্দ্বী সম্ভাৱনা শেঠে আম আদমি পাৰ্টী ত্যাগ কৰে

author-image
Asomiya Pratidin
New Update
'আপ'ক বিদায় অভিনেত্ৰী সম্ভাৱনা শেঠৰ

ডিজিটেল ডেস্ক : লোকসভা নিৰ্বাচনৰ পূৰ্বেই আম আদমি পাৰ্টীত খহনীয়া। নিজৰ ভুল সিদ্ধান্তৰ কথা চিন্তা কৰি আপ এৰিলে এগৰাকী মোহময়ী অভিনেত্ৰীয়ে।

Advertisment

ভোজপুৰী চিনেমাৰ মোহময়ী অভিনেত্ৰী তথা বিগ বছ নামৰ ৰিয়েলিটি শ্ব'ৰ প্ৰতিদ্বন্দ্বী সম্ভাৱনা শেঠে আম আদমি পাৰ্টী ত্যাগ কৰে। অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে আপ ত্যাগ কৰা কথা ৰাজহুৱা কৰে।

অভিনেত্ৰী শেঠে উল্লেখ কৰে যে, আপত যোগদান কৰি তেওঁ কৰা ভুল বুজি পাইছে। নিজৰ ভুল সিদ্ধান্তৰ বাবেই হেনো তেওঁ দলটোত যোগদান কৰিছিল। উল্লেখ কৰা প্ৰয়োজন যে, ২০২৩বৰ্ষৰ জানুৱাৰীত সম্ভাৱনাই আপত যোগদান কৰিছিল।

Also Read: তামুলপুৰত পথ দূৰ্ঘটনাঃ নিহত এজন

aam aadmi party big boss aap Sambhavna Seth