/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/ffde59ad-3c3f-4ef6-8e77-c5a47ab22eeb/e9d53341_9483_4968_a4b7_92736ab3bb6d.jpg)
ডিজিটেল ডেস্কঃ বিতৰ্কিত মন্তব্য কৰি বিজেপিৰ আক্ৰমণৰ লক্ষ্য হৈ পৰা কংগ্ৰেছ নেতা ছেম পিট্ৰডা’য়ে এৰিলে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ পদবী। পূৰ্বাঞ্চলৰ মানুহ চীনৰ দৰে আৰু দক্ষিণ ভাৰতৰ মানুহ আফ্ৰিকাৰ মানুহৰ দৰে বুলি বিতৰ্কিত মন্তব্য কৰাৰ পাছতে বিজেপিয়ে তীব্ৰ কটাক্ষ কৰিছিল পিট্ৰডা’ইক আৰু কংগ্ৰেছ দলক।
শেহতীয়াকৈ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সদৰি কৰি অনুসৰি, কংগ্ৰেছৰ বিদেশ শাখাৰ অধ্যক্ষ পদ পৰাও পদত্যাগ কৰিছে পিট্ৰডা’য়ে। উল্লেখ নকৰি নোৱাৰি যে, লোকসভা নিৰ্বাচনৰ মাজতে পিট্ৰডা’ইৰ মন্তব্যৰ গইনা লৈ কংগ্ৰেছ দলক তীব্ৰ আক্ৰমণ কৰিছিল বিজেপিয়ে।
এনে পৰিস্থিতিৰ মাজতে কংগ্ৰেছ ত্যাগ কৰি বিষয়টো শাম কটোৱাৰ চেষ্টা কৰিছে পূৰ্বৰ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিবাহ কৰা ছেম পিট্ৰভায়ে। জয়ৰাম ৰমেশে সদৰি কৰা অনুসৰি, ছেম পিট্ৰডা’ৰ পদত্যাগ পত্ৰ স্বীকাৰো কৰিছে কংগ্ৰেছ অধ্যক্ষই।
Also Read: ভোটদানৰ হাৰ সন্তোষজনক : ৮১.৬১ শতাংশ ভোটদানৰে শীৰ্ষত অসম...