ভোটদানৰ হাৰ সন্তোষজনক : ৮১.৬১ শতাংশ ভোটদানৰে শীৰ্ষত অসম...

ভোটদানৰ হাৰ সন্তোষজনক : ৮১.৬১ শতাংশ ভোটদানৰে শীৰ্ষত অসম...

ডিজিটেল ডেস্ক : উত্তৰ-পূবত ৩টা পৰ্যায়ত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচন-২৪ শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত এইবাৰ ভোটদান হাৰ সন্তোষজনক হোৱা পৰিলক্ষিত হৈছে।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ৩টা পৰ্যায়ত অসমত ভোটদানৰ হাৰ ৮০ শতাংশতকৈও অধিক। আনহাতে অসমৰ লগতে ত্ৰিপুৰা আৰু মেঘালয়ত ভোটদানৰ হাৰ ৭৫-৮০ শতাংশ।

এই দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে পূৰ্বৰ নিৰ্বাচনসমূহৰ তুলনাত এইবাৰ ভোটাৰ যথেষ্ট সজাগ বুলি বিবেচিত হৈছে। উত্তৰ-পূবৰ প্ৰায়কেইখন ৰাজ্যৰ সমষ্টিসমূহত সন্তোষজনকভাৱে ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে।

আনহাতে নাগালেণ্ডৰ ৬টা অঞ্চলৰ ভোটাৰে ভোট বৰ্জন কৰিলেও ৰাজ্যখনৰ ভোটদানৰ হাৰ ৫৭শতাংশ। লংলেং, টুয়েনচাং, কিফিৰে, নকলাক আৰু শ্বামাটৰ নামৰ ৬খন জিলাৰ লোকে ভোট দিয়াৰ পৰা বিৰত আছিল। পৰিপ্ৰেক্ষিতত উক্ত জিলাকেইখনত ভোটদানৰ হাৰ শূণ্য হৈ পৰিছিল।

ইয়াৰোপৰি অৰুণাচল ৬৭শতাংশ আৰু ছিকিম ৭৫শতাংশ ভোটদানৰ হাৰেৰে সন্তোষজনক হিচাপে বিবেচিত হৈছে।

ইফালে গোষ্ঠী সংঘৰ্ষৰে জৰ্জৰিত হ’লেও মণিপুৰৰ ভোটাৰে ভোট দিয়াৰ ক্ষেত্ৰত কৃপনালি কৰা নাই। ৰাজ্যখনৰ ভোটদানৰ হাৰ ৭৫শতাংশ।

কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে শান্তিৰ পৰিৱেশত থকা মিজোৰামৰ ভোটাৰৰ ক্ষেত্ৰত ইয়াৰ এখন বিপৰীত ছবিহে পৰিলক্ষিত হৈছে। পাহাৰীয়া ৰাজ্যখনত ভোটদানৰ হাৰ মাত্ৰ ৫৫শতাংশ।

এইখিনিতে উল্লেখ নকৰি নোৱাৰি যে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্যমতে সদ্যসমাপ্ত নিৰ্বাচনত ভোটদানৰ হাৰ অসমত সৰ্বাধিক। ৰাজ্যখনত ৮১.৬১ শতাংশ লোকে ভোটদান কৰিছে।

আনহাতে পশ্চিম বংগ ৭৫.৭৯, গোৱা ৭৫.২০, ছত্তীশগড় ৭১.০৬, কৰ্ণাটক ৭০.৪১, দমন আৰু দিউত ৬৯.৮৭, মধ্য প্ৰদেশ ৬৬.০৫, মহাৰাষ্ট্ৰ ৬১.৪৪, গুজৰাট ৫৮.৯৮,  বিহাৰ ৫৮.১৮ আৰু উত্তৰ প্ৰদেশ ৫৭.৩৪ শতাংশ ভোটদানৰ হাৰ বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰে।

ভোটদানৰ হাৰ সন্তোষজনক : ৮১.৬১ শতাংশ ভোটদানৰে শীৰ্ষত অসম...
তথ্যচিত্ৰত উদ্ভাসিত হ’ব শতিকা অতিক্ৰমা ঢকুৱাখনাৰ ফাটবিহু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in