ছলমানক ৰক্ষা কৰিব এইখন বিশেষ বাহনেঃ আনিছে বিদেশৰ পৰা...

ছলমানক ৰক্ষা কৰিব এইখন বিশেষ বাহনেঃ আনিছে বিদেশৰ পৰা...

author-image
Asomiya Pratidin
New Update
ছলমানক ৰক্ষা কৰিব এইখন বিশেষ বাহনেঃ আনিছে বিদেশৰ পৰা...

ছলমানক ৰক্ষা কৰিব এইখন বিশেষ বাহনেঃ আনিছে বিদেশৰ পৰা...

ডিজিটেল ডেস্কঃ প্ৰাণৰ সংশয়ত ভূগিছে বলিউড ভাইজান ছলমান খান। ধাৰাবাহিকভাৱে কেইবাবাৰো মৃত্যুৰ ভাবুকি লাভ কৰা ছলমান খানে সেয়ে ক্ৰয় কৰিলে এখন বুলেটপ্ৰুফ কাৰ।

Advertisment

অভিনেতাজনে বিদেশৰ পৰা আমদানি কৰি অনা এই বুলেটপ্ৰুফ বাহনখন হৈছে নিছান পেট্ৰ’ল লাক্সাৰী এছ ইউ ভি। এই বাহনখনত উঠিয়েই ছলমান খানে আম্বানী পৰিয়ালে নিৰ্মাণ কৰা সাংস্কৃতিৰ প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

উল্লেখ্য যে, গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে। আনকি ছলমানক সিদ্ধু মুছেৱালাক হত্যা কৰাৰ দৰেই হত্যা কৰা হ’ব বুলিও ভাবুকি দিয়া হৈছিল।

তেনে প্ৰেক্ষাপটত ছলমান খানে নতুনকৈ ক্ৰয় কৰা এই বিলাসী বাহনখনক লৈ সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হৈছে। পূৰ্বে তেওঁক টয়টা লেণ্ড ক্ৰুজাৰ এল চি ২০০ বাহন ব্যৱহাৰ কৰা দেখা গৈছিল।

কিন্তু প্ৰাণৰ সংশয়ৰ বাবে তেওঁ বিদেশৰ পৰা এই বাহনখন আমদানি কৰি আনিছে। আৰু এই বাহনখনক ভৰষা কৰিয়েই এতিয়া তেওঁ মুম্বাইৰ ৰাজপথত যাতায়ত কৰিব।

Also Read: দ্বিতীয়খন আই পি এলৰ মেচৰ বাবে সাজু বৰ্ষাপাৰা, RR আৰু দিল্লী কেপিটেলছ...

ছলমান খান বলিউড