ছলমান খানৰ বাসগৃহত গুলিচালনাৰ সৈতে জড়িত এজনৰ আত্মহত্যা...

ছলমান খানৰ বাসগৃহত গুলিচালনাৰ সৈতে জড়িত এজনৰ আত্মহত্যা...

author-image
Asomiya Pratidin
New Update
কথমপি বাচিল ভাইজান ! বাইকত অহা দুই দুৰ্বৃত্তৰ লক্ষ্য আছিল ছালমান খান...

ডিজিটেল ডেস্কঃ অভিনেতা ছলমান খানৰ বাসগৃহৰ সন্মুখত গুলিচালনাৰ সৈতে জড়িত থকা এজন অভিযুক্তই লকআপত আত্মহত্যাৰ চেষ্টা চলায়। আত্মহননৰ চেষ্টা কৰা যুৱকজন অনুজ থাপন। গুৰুতৰ অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়।

Advertisment

জানিব পৰা মতে গুলিচালনাৰ সৈতে জড়িত অভিযুক্তক সোধ-পোছৰ উদ্দেশ্যে মুম্বাই পুলিচ মূখ্যালয়স্থিত ক্ৰাইম ব্ৰান্সৰ কাৰ্যালয়ত ৰখা হৈছিল। সেই স্থানতে আত্মহত্যাৰ চেষ্টা কৰিছিল অনুজ থাপনে।ছলমান খানৰ গেলেক্সি এপাৰ্টমেন্টৰ বাহিৰত গুলিচালনা কৰিবলৈ দোষীক হাঠিয়াৰৰ যোগান ধৰা দুজন অভিযুক্তক আৰক্ষীয়ে পাঞ্জাৱৰ পৰা মুম্বাইলৈ আনে।

ইয়াৰে এজন অনুজ থাপন বুলি জানিব পৰা গৈছে। অনুজে ট্ৰাকত সহায়কৰ কাম কৰিছিল যদিও পূৰ্বৰ পৰাই তেওঁৰ বিৰুদ্ধে বহু গোচৰ ৰুজু আছিল। অনুজ লোৰেন্স বিষ্ণই গেংগৰ সৈতে জড়িত বুলিও তথ্য পোৱা গৈছে।

উল্লেখ্য যে, ১৪ এপ্ৰিলৰ পুৱা বলিউড ছুপাৰষ্টাৰ ছলমান খানৰ বাসগৃহৰ সন্মুখত গুলিচালনাৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাক লৈ দেশত চাঞ্চল্যৰ সৃষ্টি হয়।

Also Read: ওজা হেমচন্দ্ৰ বৰুৱা ‘সাহিত্য সাধনা বঁটা’ আৰু হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা ‘সমাজ চেতনা’ বঁটা প্ৰদান

bollywood news salman khan salman khan latest