/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/94d0faaf-0ce2-4543-b058-0028a086ce4d/AP_FOR_WEB_award.jpg)
ডিজিটেল ডেস্ক : ভাষাৰ ওজা তথা হেমকোষৰ স্ৰষ্টা হেমচন্দ্ৰ বৰুৱাৰ আজি মৃত্যুতিথি। আজিৰ এই ১২৮ সংখ্যক মৃত্যুতিথিত সাদিন-প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অনুষ্ঠিত হয় বঁটা প্ৰদান অনুষ্ঠান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/f692d36d-492e-43d4-ba6f-0b3d92c6a03e/93a0917d_977a_47ce_a5ce_171b408143f9.jpg)
বিশিষ্ট সাহিত্যিক, ভাষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনিল বড়োক ওজা হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটা আৰু গুৱাহাটীৰ সামাজিক, শৈক্ষিক প্ৰতিষ্ঠান সৰস্বতী বাগধ্বনিলৈ আগবঢ়োৱা হয় হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা।
ৰাজ্যৰ বহু বৰেণ্য, বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বঁটা প্ৰদান অনুষ্ঠানত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা ন্যাসৰ হৈ সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই উদ্বোধনী ভাষণ প্ৰদান কৰে। উদ্বোধনী ভাষণত তেওঁ কয়, আজি ভাষাৰ ওজা হেমচন্দ্ৰ দেৱৰ স্মৃতি দিৱস। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আৰু হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাৰ নামেৰে নামাকৰণ কৰা এই বঁটা প্ৰদান অনুষ্ঠানৰ আৰম্ভণিতে প্ৰ-পিতামহ আৰু পিতৃদেৱলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/31360291-d13f-480b-b835-e5f59bd637bc/161ee765_a41b_4695_b919_1abc18777be2.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/418d6339-872a-4cf5-bd78-a529b5809af0/25e2b396_390b_4a55_80da_107942d9b112.jpg)
তেঁও সভাৰ উদ্দেশ্য বাখ্যা কৰি তেওঁ কয়, আজিৰ এই অনুষ্ঠানত এগৰাকী বৰেণ্য ব্যক্তিক হেমচন্দ্ৰ বৰুৱা ‘সাহিত্য সাধনা বঁটা’ আৰু এটি সংস্থাক দেৱানন্দ বৰুৱা ‘সমাজ চেতনা’ বঁটা প্ৰদান কৰা হ'ব। নিৰ্বাচক মণ্ডলীয়ে ওজা হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটাৰ বাবে ভাষাবিদ,গৱেষক তথা অধ্যাপক ড০ অনিল বড়ো আৰু হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটাৰ বাবে সৰস্বতী বাগধ্বনিক বিবেচনা কৰিছে। সৰস্বতী বাগধ্বনিৰ প্ৰতিষ্ঠাপক মুনিন্দ্ৰ নাথ কলিতা আৰু ড০ উমেশ ডেকাই এই বঁটা গ্ৰহণ কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0a821e35-f0d8-49d6-bcdb-d0fed6554205/b1de7c64_59b2_45b2_8d58_9ec28ab0b791.jpg)
উদ্বোধনী ভাষণৰ পাছতেই বিশিষ্ট অধ্য়াপক, সু-সাহিত্যিক, কৰবী ডেকা হাজৰীকা, অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকা আৰু সাদিন-প্ৰতিদিনৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ হাতৰ পৰা ড০ অনিল বৰুৱাই ওজা হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটা গ্ৰহণ কৰে। এই বঁটাৰ সৈতে আছে এটি স্মাৰক, চেলেং, ফুলৰ থোপা আৰু ২ লাখ টকাৰ চেক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/47cccbf1-d8b6-4b76-9468-b4a62ce1df99/007d3cc9_6b49_477a_839f_066148e566f4.jpg)
ইয়াৰ পিছতে বিশেষ শৈক্ষিক অনুষ্ঠান সৰস্বতী বাগধ্বনিক প্ৰদান কৰা হয় হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা। উল্লেখ্য যে, দৃষ্টিহীন, মুকবধিৰ শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ আৰু বিশেষ পদ্ধতিৰে শিক্ষা প্ৰদান কৰি আহিছে এই শৈক্ষিক প্ৰতিষ্ঠানে। এই শৈক্ষিক প্ৰতিষ্ঠানখনৰ প্ৰতিষ্ঠাপক মুনিন্দ্ৰ নাথ কলিতা আৰু ড০ উমেশ ডেকাই প্ৰতিষ্ঠানখনৰ হৈ এই বঁটা গ্ৰহণ কৰে। বঁটাৰ সৈতে আছে এটি স্মৰাক, চেলেং, ফুলৰ থোপা আৰু এক লাখ টকাৰ চেক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d98aaa0d-bba8-444c-bc46-e6acaa7f7b7d/c51f3b13_6e32_49cc_b98f_b1f7197fb7de.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/4f918c63-3934-42dd-baf9-fbd675c16a03/3bf02107_754d_4302_aa5e_c94c2a44dcb7.jpg)
বঁটাগ্ৰহণ কৰি অধ্যাপক ড০ অনিল বড়োৱে কয়- আজিৰ এই পবিত্ৰ দিনটোত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱালৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। এই বিশেষ দিনটো সমগ্ৰ অসমৰ বাবে উল্লেখযোগ্য দিন। আজিৰ এই দিনটোত সাদিন-প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত কৰা এই বিশেষ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/22b66103-dfb2-4c89-ab03-e34bf0e24dde/a71baef5_3642_47e2_91e8_be0f918d134f.jpg)
লগতে তেঁও কয়- নিৰ্বাচক মণ্ডলীয়ে কিহৰ ভিত্তিত মোৰ দৰে এজন লোকক উক্ত বঁটাৰ বাবে চয়ন কৰিলে সেই সম্পৰ্কে মই নাজনোঁ। মই ডাঙৰ লেখক নহয়, প্ৰখ্যাত লেখক নহয়। কিন্তু মই নিৰবিচ্ছিন্নভাৱে নিজৰ কামত ব্ৰতী হৈ থাকো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/2b7ba969-96f6-4af1-9571-6057182adc14/c354464c_ad4b_4d8c_a2dc_980370f0b095.jpg)
আনহাতে সৰস্বতী বাগধ্বনিৰ হৈ বঁটা গ্ৰহণ কৰি ড০ উমেশ ডেকাই কয়- আজিৰ এই অনুষ্ঠানত আমাক মাতি আনি সন্মানিত কৰাৰ বাবে সাদিন-প্ৰতিদিন গোষ্ঠীক কৃতজ্ঞতা জনাইছোঁ। বিগত ২৪টা বছৰে মই সৰস্বতী বাগধ্বনিৰে জড়িত হৈ আছো। প্ৰসংগক্ৰমে সৰস্বতী বাগধ্বনিৰ প্ৰতিষ্ঠাপক মুনিন্দ্ৰ কলিতাই কিদৰে ২০০০চনতে ২জন মুকবধিৰ ছাত্ৰলৈ শিক্ষা প্ৰতিষ্ঠানখনৰ আৰম্ভ কৰিছিল সেই সন্দৰ্ভতো কেতবোৰ বক্তব্য প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0f84e36d-9fe1-4280-83f2-e2b57c4af992/25445365_d845_47e7_881d_b1bf7be329fa.jpg)
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ড০ কৰবী ডেকা হাজৰিকাই ভাষাৰ ওজা গৰাকীক স্মৰণ কৰি তেওঁৰ সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য প্ৰদান কৰে। তেঁওৰ তথ্যসম্বৃদ্ধ বক্তব্যই উপস্থিত সকলোকে আপ্লুত কৰে। কানি বৰবিহে কিদৰে সেই সময়ত অসমীয়া সমাজ জীৱন ধ্বংসৰ মুখলৈ থেলি দিছিল সেই সম্পৰ্কেও মুখ্য অতিথিগৰাকীয়ে বিষদভাৱে উল্লেখ কৰে।
বিধৱা বিবাহ, অন্ধবিশ্বাস তথা কু-সংস্কাৰৰ বিৰুদ্ধে হেমচন্দ্ৰ বৰুৱাৰ চিন্তা-চেতন সম্পৰ্কেও তেখেতৰ বক্তব্যত উল্লেখ কৰে।
অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট অতিথি অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকায়ো তথ্য সমৃদ্ধ বক্তব্য প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/10377915-25d0-4ffe-aac5-1a1a7420a403/c61ec352_905e_4b4f_975c_2b0f4adc2556.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/ad181610-9cf0-4eec-b10f-84a2792dcf15/aacdced0_d0ca_4371_9a91_e8a066292e63.jpg)
সংগীত শিল্পী অজন্তা গোস্বামীয়ে গণেশ বন্দনা পৰিবেশন কৰাৰ জৰিয়তে আৰম্ভ হোৱা অনুষ্ঠানৰ আৰম্ভণিতে হেমচন্দ্ৰ বৰুৱা আৰু দেৱানন্দ বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে অতিথিসকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/30d2c425-0519-4d63-b9de-2d6bc0990ca0/123ea343_540d_4570_b160_9d57477e6941.jpg)
ৰাজ্যৰ শিক্ষা, সাহিত্য, ভাষা, সংস্কৃতি, শিল্প, সংবাদ আদি বিভিন্ন ক্ষেত্ৰৰে জড়িত বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সাদিন-প্ৰতিদিন গোষ্ঠীৰ ফালৰ পৰা বহু কেইজন বিশিষ্ট ব্যক্তিকো একোখনকৈ ফুলাম বিহুৱানেৰে আদৰণি জনোৱা হয়।
সভাত অসমীয়া প্ৰতিদিনৰ পৰিচালন সঞ্চালক ঋষি বৰুৱা, জয়ন্ত বৰুৱাৰ পত্নী ৰুবি বৰুৱা, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞা, অসমীয়া প্ৰতিদিনৰ পূৰ্বৰ সম্পাদক নিত্য বৰা, অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা, মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰীৰ লগতে অধ্যাপক উপেন ৰাভা হাকাচাম, সুৰেশ নাথ আদি যথেষ্ট সংখ্যক গন্য মান্য লোক উপস্থিত থাকে।
অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই আঁতধৰা এই অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়াই সাদিনৰ সম্পাদক তথা বিশিষ্ট ঔপন্যাসিক, সাহিত্য একাডেমী বঁটা প্ৰাপক অনুৰাধা শৰ্মা পূজাৰীয়ে।
Also Read: গুৱাহাটী বিশ্ববিদ্যালয়ত বিশেষ অনুষ্ঠানঃ ভাষাৰ ওজালৈ শ্ৰদ্ধাঞ্জলি...