/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/6bbff3a8-3b7e-45e7-9a02-2687b718d56d/AP_FOR_WEB_SAKSHI.jpg)
ডিজিটেল ডেস্কঃ এতিয়া আৰু ৰিঙত দেখা নাযাব ভাৰতীয় মহিলা মল্লযোদ্ধা সাক্ষী মালিকক। ২১ ডিচেম্বৰত মল্লযোদ্ধা সাক্ষী মালিকে অৱসৰ ঘোষণা কৰে। ব্ৰীজভূষণ শৰণ সিঙৰ ঘনিষ্ঠ সহযোগী সঞ্জয় সিঙক ভাৰতীয় কুস্তি মহাসংঘৰ অধ্যক্ষ হিচাপে নিযুক্তি কৰাৰ পাছতে তেওঁ এই ঘোষণা কৰে।
সাক্ষী মালিককে ধৰি একাংশ মল্লযোদ্ধাই ভাৰতীয় কুস্তি মহাসংঘৰ অধ্যক্ষ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। কেইবাদিনো ধৰি চলা এই প্ৰতিবাদত খেলুৱৈসকলে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল। পুৰুষ মল্লযোদ্ধাইও এই প্ৰতিবাদত অংশ গ্ৰহণ কৰিছিল।
বিগত ১১ মাহ ধৰি প্ৰতিবাদ চলাৰ পাছত ২১ ডিচেম্বৰত নতুন অধ্যক্ষ নিযুক্তি দিয়ে। কিন্তু ফেডাৰেছনৰ নতুন অধ্যক্ষ সঞ্জয় সিং ব্ৰীজভূষণৰ ঘনিষ্ঠ। যাৰ বাবে খেলুৱৈসকলে ক্ষোভ ব্যক্ত কৰে। সাক্ষী মালিকে কয়, "মল্লযোদ্ধাসকলে ডব্লিউএফআইত এগৰাকী মহিলা অধ্যক্ষৰ দাবী কৰিছিল। কিন্তু সকলোৱে জানে ব্ৰীজ ভূষণ কিমান শক্তিশালী। বজৰং পুনিয়া আৰু মই গৃহমন্ত্ৰীক লগ পাইছিলো। আমি ছোৱালীবোৰৰ নাম জনাইছিলো। কিন্তু একো লাভ নহ'ল।
তেওঁ লগতে কয় যে, আজি ফেডাৰেশ্যনে নতুন অধ্যক্ষ পালে। কিন্তু সকলোৱে জানে সঞ্জয় সিং ব্ৰীজভূষণৰ নিজৰ পুত্ৰতকৈও প্ৰিয়। যি আগতে পৰ্দাৰ আঁৰত হৈছিল এতিয়া সেয়া মুকলিকৈ হ'ব। আমি আমাৰ যুঁজত সফল হ'ব নোৱাৰিলো। আমি সকলোকে আমাৰ কথা কৈছিলো। কিন্তু একো লাভ নহ'ল। সেয়ে আহিবলগীয়া মহিলা খেলুৱৈসকলক ক'ব বিচাৰো, নিৰ্যাতনৰ বাবে সাজু থাকক।
সাক্ষী মালিকৰ উপৰিও বিনেশ ফোগাট আৰু বজৰং পুনিয়াইও ফেডাৰেচন নিৰ্বাচনত সঞ্জয় সিঙৰ বিজয়ক লৈ হতাশা ব্যক্ত কৰিছে।
Also Read: তামুলপুৰত ১৪৪ ধাৰা জাৰি