গুজৰাটত সন্ধানহীন ৪০,০০০ মহিলা, মহাৰাষ্ট্ৰত প্ৰতিদিনে সন্ধানহীন ৭০ গৰাকী, নীৰৱ মোডী-শ্বাহ

গুজৰাটত সন্ধানহীন ৪০,০০০ মহিলা, মহাৰাষ্ট্ৰত প্ৰতিদিনে সন্ধানহীন ৭০ গৰাকী, নীৰৱ মোডী-শ্বাহ

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহৰাজ্যত সন্ধানহীন ৪০,০০০ যুৱতী। এই অভিযোগ উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনা (ইউবিটি)ৰ মুখপত্ৰ( সামনা)ৰ। সম্পাদকীয়টোৱে বিজেপি নেতাসকলক ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ তথ্যত প্ৰকাশিত নিৰুদ্দেশ হোৱা যুৱতী সকল সন্দৰ্ভত প্ৰশ্ন কৰে।

সম্পাদকীয়টোত কোৱা হৈছে যে, বহু মহিলা মানৱ সৰবৰাহৰ কবলত পৰিছে। তথাপিও মোডী ভক্তসকলে গুজৰাট মডেলৰ উচ্চ প্ৰশংসা কৰে। ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ তথ্য অনুসৰি, গুজৰাটত বিগত ৫ বছৰৰ ভিতৰত ৪০,০০০ৰো অধিক মহিলা সন্ধানহীন হৈছে।

সম্পাদকীয়টোত 'দ্যা কাশ্মীৰ ফাইলছ' আৰু 'দ্যা কেৰালা ষ্টৰী'ৰ নিৰ্মাতাক 'গুজৰাট 'ফাইলছ বুলিও ছবি নিৰ্মাণৰ পৰামৰ্শ দিয়ে।

ইয়াৰোপৰি লেখাটোত মহাৰাষ্ট্ৰৰ পৰা সন্ধানহীন মহিলাৰো উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। বিগত ৩ মাহত দৈনিক প্ৰায় ৭০ গৰাকীকৈ মহিলা নিৰুদ্দেশ হৈছে। বিহত ৩ মাহত ৫০০০ মহিলা সন্ধানহীন হৈ পৰিছে।

চৰকাৰে এই ক্ষেত্ৰত কি কৰিছে বুলি প্ৰশ্ন কৰিছে সম্পাদকীয়টোত। লগতে প্ৰধানমন্ত্ৰীক এক স্পষ্ট আক্ৰমণ কৰি কয় যে গুজৰাটৰ নিৰুদ্দেশ হোৱা মহিলা সকল সন্দৰ্ভত মোডীৰ 'মন কী বাত' অনুষ্ঠানৰ দ্বাৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক দায়ী কৰি লোকক পথভ্ৰষ্ট কৰিছিল।

তীক্ষ্ণ কটাক্ষ কৰি লগতে কয় যে যদি আৰক্ষীয়ে নিৰুদ্দেশ হোৱা মহিলা সকলক বিচাৰি উলিওৱাত বিফল হয় তেন্তে তেওঁলোক গুৱাহাটলৈ গৈ ম'হ বলি দিয়াৰ দৰে প্ৰথা কৰি তথ্য উলিয়াব লাগে। আৰু যদি মোডী আৰু অমিত শ্বাহে বিষয়টোত গুৰুত্ব নিদিয়ে তেন্তে গুজৰাটৰ সৱৰমতী আশ্ৰমত বহি তেওঁৰ নেতা সকলে হনুমান চালিছা আৰু প্ৰাৰ্থনা কৰিব লাগে।

গুজৰাটত সন্ধানহীন ৪০,০০০ মহিলা, মহাৰাষ্ট্ৰত প্ৰতিদিনে সন্ধানহীন ৭০ গৰাকী, নীৰৱ মোডী-শ্বাহ
সংগীতা নহয়, পঢ়ক আজি ধনমণিৰ কাহিনী...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in