সংগীতা নহয়, পঢ়ক আজি ধনমণিৰ কাহিনী...

সংগীতা নহয়, পঢ়ক আজি ধনমণিৰ কাহিনী...

মৃদুল কুমাৰ সন্দিকৈ

কোনোৱে চৰ্চা নকৰে বা কৰিব লগাৰ পৰিৱেশ সৃষ্টি নকৰে তেওঁলোকে। ধন নহ'লেও এটা আন্তৰিকতাৰে ভৰা মন আছে দুয়োৰে। পিতৃ-মাতৃ হিচাপে পালন কৰিব লগা দায়িত্ব পালন কৰাত কোনো দিনেই কুণ্ঠাবোধ কৰা নাই এই দম্পত্তিয়ে।

সংগীতা দত্ত আৰু ডাঃ ৱালিউলৰ কথাবোৰে মানুহৰ মন শেতা কৰি পেলোৱাৰ সময়ত এজন সাংবাদিকে সন্ধান দিছিল এই খবৰৰ। তেওঁ ধনী মানুহ নহয়। অভাৱ-অভিযোগে ভৰা এখন সংসাৰ তালি টোপালি মাৰি চলাই গৈছে।

কিন্তু তেওঁ এই সংসাৰত মৰমৰ অভাৱ নাই। মৰমৰ চিৰ প্ৰৱাহিত নিজৰাৰ বুকুত পাৰ হয় আনন্দময় দিন-ৰাতি। মানুহে নাজানে বা জনাৰ সাধ্য নাই। তেওঁলোকৰ দুই সন্তান যে তেওঁলোকৰ নিজৰ নহয়।

এতিয়া এই দুই সন্তানে তেওঁলোকৰ সংসাৰ আৰু সকলো। ডাঙৰ ল'ৰাটোৰ বয়স ১২ বছৰ। গুৱাহাটীৰ এখন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ। সৰু ল'ৰাটোৰ বয়স ৭-৮বছৰ মান হ'ব। তৃতীয় শ্ৰেণীৰ ছাত্ৰ।

তেওঁলোকৰ ঘৰত নাই কোনো কাম কৰা মানুহ। কঠিন পৰিশ্ৰম আৰু সংগ্ৰামেৰে ভৰা জীৱন যাত্ৰাত এই দুই সন্তানৰ সকলো দায়িত্ব মাক-বাপেকেই লয়। সেই খবৰৰ সন্ধান দিয়া সাংবাদিকজনৰ পৰা তেওঁৰ নম্বৰ লৈ ফোন কৰোতে তেওঁ আছিল কৰ্তব্যত।

কৈছিল- কইনাধৰাত ডিউটিত আছো মই। এটা ব্যক্তিগত বাতৰি চেনেলৰ ডিএছএনজি চালক তেওঁ। ১২ বছৰ মানৰ আগতেই গুৱাহাটীলৈ আহি এই কামত নিয়োজিত হৈ আছে। ঘৰত মাক আৰু দেউতাক। দেউতাকৰ অসুখ।

তেওঁৰ ভাতৃ আৰু ভাই-বোৱাৰীৰ বিচ্ছেদ হল। কৰ্মসূত্ৰে ভাতৃ থাকে অৰুণাচলত। ঘৰৰ অৱস্থাও স্বচ্চল নহয়। ভাই-বোৱাৰী মাকৰ ঘৰলৈ গুচি যোৱাৰ পাছত দুই সন্তানক লৈ এক প্ৰকাৰৰ অসুবিধাতেই পৰিছিল পৰিয়ালটো।

লখিমপুৰৰ মুকুলবাৰী ধনমণি ভূঞাই ভাতৃৰ এই দুই সন্তানক অকলশৰীয়া হ'বলৈ এৰি নিদিলে। কাষ চপাই আনিলে তেওঁৰ কাষলৈ। ভাতৃৰ পুত্ৰ হিচাপে নহয় নিজৰ পুত্ৰৰ দৰে তেওঁলোকক মৰমেৰে বুৰাই পেলালে।

পত্নীয়েও মাতৃৰ মৰমৰ পৰা বঞ্চিত নকৰিলে দুয়োকে। ডাঙৰ ল'ৰাটো তেতিয়া তৃতীয় শ্ৰেণীত পঢ়িছিল। মাতৃ-পিতৃ মৰমৰ পৰা বঞ্চিত নকৰিলে কোনো দিনে। স্কুললৈ যোৱাৰ পৰা আৰম্ভ কৰি খোৱা-বোৱালৈকে সকলো মাতৃয়েই তদাৰক কৰে।

দৰমহানো পাই কিমান । তথাপিও যি দিছে সেয়াৰে চলাই নিছে পৰিয়ালটো। তেওঁলোকৰ গাত নাই অভিজাত্যৰ পোচাক, গৰ্ব বা ভেদ। তেওঁলোকৰ পৃথিৱীখনত ইজনে-সিজনক মৰমেৰে সী থৈছে।

কেতিয়াবা অনাটনৰ বাবে সমস্যা হ'লেও সেইবোৰ সমাধান কৰে দুয়োয়ে মিলি। মানুহৰ এটা ভাল জীৱন অতিবাহিত কৰিবলৈ বহু ধন পইচা নালাগে। সেই কথা ধনমণি আৰু তেওঁৰ পত্নীয়ে ভালদৰে বুজে।

ধনমণিয়ে ডিএছএনজি চলাই পোৱা টকা আৰু পত্নীয়ে ব্লাউজ বা আন কাপোৰকানি চিলাই পোৱা ধনেৰেই চলাই গৈছে সংসাৰ। দুই এটকা গাঁৱৰ ঘৰলৈও মাক-দেউতাকৰ বাবে পঠিয়াব লাগে।

কোনো দিনেই তুলি লোৱা দুই সন্তানক মৰম আৰু স্নেহৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই। সৰু লৰাটোৱে ধনমণিৰ পত্নীক কিমান আৱেগেৰে মা বুলি মাতে । সেই কথা ধনমণিৰ বাদে আন কোনোৱেই অনুভৱ কৰিব নোৱাৰে। কি আকুলতা আছে সেই মাতত।

ধনমণিৰ পত্নীও সন্তান সম্ভৱা।ধনমণিৰ ইশ্বৰৰ ওপৰত প্ৰাৰ্থনা দুটা ল'ৰাৰ পিতৃটো হয়েই আমি। এজনী ছোৱালী ইশ্বৰে পঠিয়ালে আমি সুখী হ'ম। কিছুদিনৰ পাছত ধনমণি আৰু তেওঁৰ পত্নী পিতৃ-মাতৃ হ'ব।

সেই নতুন আলহী ধনমণিয়ে বিচৰাৰ দৰেই হওক এজনী পৰী। দুই ভাতৃয়ে লাভ কৰক এজনী ভগ্নী। দুই ভাতৃও সেই নতুন আলহীৰ প্ৰতীক্ষাত। এইবোৰ জীৱনৰ ভাললগা কাহিনী।

সংগীতা দত্তহতৰ দৰে মানুহবোৰৰ বিপৰীতে এই জীৱনবোধ কিমান ওপৰত। তেওঁলোকৰ অকৃত্ৰিম মমতাবোধে মানুহৰ পৃথিৱীখনক আজিও প্ৰাণচঞ্চল কৰি ৰাখিছে। হয় তেওঁলোকৰ অট্টালিকা সদৃশ ঘৰ নাই। নাই তেওঁলোকৰ ঐশ্বৰ্য বিভূতি।

কাহিলীপাৰৰ এটা ভাড়াঘৰত বাস কৰে ধনমণি ভূঞা আৰু তেওঁৰ পৰিয়াল। কিন্তু তেওঁৰ সেই ঘৰ খনেই যেন এতিয়া তেওঁ আৰু তেওঁৰ দুই সন্তানৰ বাবে সুখৰ আধাৰ। ভাতৃৰ দুই সন্তানক তুলি লৈ ধনমণিয়ে দেখুৱাইছে প্ৰকৃত পিতৃ-মাতৃয়ে কি কৰে ।

ধনমণিয়ে নীৰৱে সেই দায়িত্ব পালন কৰি গৈছে। প্ৰসংগ ক্ৰমেহে একাংশ অভিজাত্যলোকৰ বিভৎস কৰ্ম-কাণ্ডৰ পাছত এই ভাল কথবোৰৰো চৰ্চাৰ প্ৰয়োজন হৈ পৰিছে। সংগীতা দত্ত, ৱালিউলৰ দৰে পিতৃ মাতৃতকৈ মৰম, মমতা আৰু দায়িত্বৰে সন্তানক পোহপাল কৰা মানুহ বেছি আছে।

ধনমণিয়ে জানো উৎকৃষ্ট এক উদাহৰণ নহয়? দুই সন্তানত মানুহ কৰি গঢ়াৰ ক্ষেত্ৰত ধনমণিৰ পত্নীৰ ত্যাগেই জানো এগৰাকী মাতৃৰ মমতাময়ী ৰূপ নহয়। আমি এইবোৰ ইতিবাচক দিশো এৰাই চলিলে নহ'ব।

বৰ্বৰ হোৱা সেই মানুহবোৰৰ কথা অত্যাধিক চৰ্চাই আমাক মনোকষ্ট দিয়ে কিন্তু ধনমণি আৰু তেওঁৰ পত্নীৰ কৰ্মই আমাক অনুপ্ৰাণিত কৰি তোলে। পিতৃ-মাতৃৰ পৰিচয় সাধাৰণ পৰিচয় নহয়। ই মমতা, দায়িত্বশীলতাৰে নিৰাপদ বেষ্টনীৰ মাজত সন্তানক আগুৱাই লৈ যোৱা এক শাশ্বত প্ৰতীক।

সংগীতা নহয়, পঢ়ক আজি ধনমণিৰ কাহিনী...
দলঙৰ পৰা বাগৰি পৰিল বাছ, প্ৰাণ হেৰুৱালে ১৫ জনে, আহত বহুতো...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in