শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিত সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ, দ্বি-পাক্ষিক চুক্তিৰ ক্ষেত্ৰত আলোচনা

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিত সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ, দ্বি-পাক্ষিক চুক্তিৰ ক্ষেত্ৰত আলোচনা

ডিজিটেল ডেস্কঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শনিবাৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংহেক সাক্ষাৎ কৰে । এই সাক্ষাতত দুয়ো ৰাষ্ট্ৰৰ মাজৰ দ্বিপাক্ষিক পদক্ষেপৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে।

জয় শংকৰে এক্সত ফটো পোষ্ট কৰি লিথে যে কম্পালাত এছএএম সন্মিলনৰ সময়ত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংঘেক লগ পাই আনন্দিত হলো। আমাৰ মাজৰ দ্বিপাক্ষিক প্ৰগতিৰ বাবে তেওঁৰ নিৰন্তৰ মাগদৰ্শনৰ আমি প্ৰশংসা কৰো। ভাৰতৰ প্ৰতিশ্ৰুতি আমাৰ 'চুবুৰীয়া প্ৰথম' আৰু 'সাগৰ' নীতিত প্ৰতিফলিত হৈছে।

ভাৰতৰ 'চুবুৰীয়া প্ৰথম' নীতিয়ে ইয়াৰ নিকটতম চুবুৰীয়াৰ সৈতে সম্পৰ্ক নিয়ন্ত্ৰণৰ দিশত ইয়াৰ দৃষ্টিভংগী নিৰ্দেশনা দিয়ে। ইয়াৰ লক্ষ্য হৈছে সমগ্ৰ অঞ্চলটোত ভৌতিক, ডিজিটেল আৰু আন্তঃসংযোগযুক্ত গতিশীলতা বৃদ্ধি কৰাৰ লগতে বাণিজ্য প্ৰসাৰ কৰা।

উল্লেখ্য যে, জয়শংকৰে শুকুৰবাৰে বহৰিম, ছাৰ্বিয়া, বলিভিয়া, আজাৰবাইজান আৰু ভেনিজুৱেলাৰ প্ৰতিনিধিৰ লগত দ্বিপাক্ষিক বৈঠকত অংশ গ্ৰহণ কৰে। য'ত তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্কৰ লগতে আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ সমগ্ৰ বিষয়ৰ ওপৰত আলোচনা কৰে।

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিত সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ, দ্বি-পাক্ষিক চুক্তিৰ ক্ষেত্ৰত আলোচনা
কোনে ফালি পেলালে ৰাহুল গান্ধীক আদৰণি জনোৱাৰ বাবে লগোৱা বেনাৰ-পোষ্টাৰ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in