কোনে ফালি পেলালে ৰাহুল গান্ধীক আদৰণি জনোৱাৰ বাবে লগোৱা বেনাৰ-পোষ্টাৰ?

কোনে ফালি পেলালে ৰাহুল গান্ধীক আদৰণি জনোৱাৰ বাবে লগোৱা বেনাৰ-পোষ্টাৰ?

author-image
Asomiya Pratidin
New Update
কোনে ফালি পেলালে ৰাহুল গান্ধীক আদৰণি জনোৱাৰ বাবে লগোৱা বেনাৰ-পোষ্টাৰ?

ডিজিটেল ডেস্কঃ এজাহাৰ দাখিল লখিমপুৰ জিলা কংগ্ৰেছৰ। বেনাৰ-পোষ্টাৰ আৰু ফ্লেগ ফালি দিয়া সন্দৰ্ভত এজাহাৰ দাখিল কৰে কংগ্ৰেছে।

Advertisment

উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশ হিচাপে নেতাগৰাকীয়ে উজনি অসমৰ কেইবাঠাই ভ্ৰমণ কৰিছিল।

শনিবাৰে নেতা গৰাকীয়ে লখিমপুৰ হৈ অৰুণাচললৈ যায়। নেতাগৰাকীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ বহু নেতা কৰ্মীয়ে বেনাৰ-পোষ্টাৰ আদি লগাইছিল। কিন্তু এই বেনাৰ-পোষ্টাৰ সমূহ নিশা কোনো দুস্কৃতিকাৰীয়ে ফালি দিয়ে। ইয়াৰ পাছতেই এজাহাৰ দাখিল কৰে কংগ্ৰেছে।

এজাহাৰত কংগ্ৰেছে উল্লেখ কৰে যে, ৰাহুল গান্ধীক আদৰণি জনাবৰ বাবে দলৰ নেতা-কৰ্মীসকলে বেনাৰ-পোষ্টাৰ আৰু ফ্লেগ আদি চৰাইমৰীয়াৰ পৰা লখিমপুৰ টাউন হৈ নাওবৈছা লালুক আদিলৈ লগাইছিল। কিন্তু ১৯ জানুৱাৰীৰ নিশা কোনো দুৰ্বৃত্তই এই সমূহ ফালি পেলায়। এই কাণ্ড আৱদ্ধ হৈছে চিচিটিভি কেমেৰাত। গতিকে ইয়াৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা হাতত লৈ দোষীক শাস্তি দিয়াৰ দাবী জনাই লখিমপুৰ জিলা কংগ্ৰেছে।

Also Read: লাইচং-তামেনলং সংযোগী ৪ লেনযুক্ত পথ নিৰ্মাণৰ প্ৰাৰম্ভতে ৬০০ কোটিৰ কেলেংকাৰী

congress