অহা ২০-৩০ বছৰত ভাৰত 'বিশ্বগুৰু'ত পৰিণত হ'ব: মোহন ভাগৱত

ভাৰতক 'বিশ্বগুৰু' হোৱাৰ দিশে আগবাঢ়ি যোৱাত বাধা দিবলৈ দেশৰ বিষয়ে একাংশই অপপ্ৰচাৰ চলাইছিল

author-image
Asomiya Pratidin
New Update
অহা ২০-৩০ বছৰত ভাৰত 'বিশ্বগুৰু'ত পৰিণত হ'ব: মোহন ভাগৱত

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে দেওবাৰে কয় যে ভাৰতক 'বিশ্বগুৰু' হোৱাৰ দিশে আগবাঢ়ি যোৱাত বাধা দিবলৈ দেশৰ বিষয়ে একাংশই অপপ্ৰচাৰ চলাইছিল। মুম্বাইত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি ভাগৱতে কয় যে ১৮৫৭ চনৰ পিছত দেশখনৰ বিষয়ে বহু ভুল ধাৰণা প্ৰচাৰ কৰা হৈছিল। কিন্তু স্বামী বিবেকানন্দই এনে দিশ সমূহৰ ওপৰত প্ৰত্যুত্তৰ দিছিল।

Advertisment

তেওঁ কয় যে, আমাৰ প্ৰগতি ৰোধ কৰিবলৈ ভুল ধাৰণা বিয়পাই দিছিল একাংশই। কিয়নো যুক্তিৰ ভিত্তিত পৃথিৱীৰ কোনেও আমাৰ সৈতে তৰ্ক কৰিব নোৱাৰে। অহা ২০-৩০ বছৰৰ ভিতৰত আমি বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ম। যাৰ বাবে কমেও দুটা প্ৰজন্মক ইয়াৰ বাবে তৈয়াৰ কৰিব লাগিব।

তেওঁ লগতে কয় যে, ভাৰতে বিগত বৰ্ষ সমূহত বহু কিবা কিবি লাভ কৰিছে। কিন্তু বিশ্বস্তৰত দেশখনৰ বিৰুদ্ধে বহু অপপ্ৰচাৰ চলোৱা হয়।

Also Read: ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল স্কুটী আৰোহীৰ...

rss