''ভাৰত এনে এখন দেশ হ'ব লাগিব যিয়ে পৃথিৱীৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব''

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে দেওবাৰে কয় যে বিশ্বগুৰু হ'বলৈ ভাৰতে বেদ আৰু প্ৰাচীন ভাষা-সংস্কৃতৰ জ্ঞান বিকশিত কৰিব লাগিব

author-image
Asomiya Pratidin
New Update
''ভাৰত এনে এখন দেশ হ'ব লাগিব যিয়ে   পৃথিৱীৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব''

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে দেওবাৰে কয় যে বিশ্বগুৰু হ'বলৈ ভাৰতে বেদ আৰু প্ৰাচীন ভাষা-সংস্কৃতৰ জ্ঞান বিকশিত কৰিব লাগিব। ভাৰতীয় সংস্কৃতি সময়ৰ লগে লগে সলনি হৈছে। আৰু এনে কোনো নাই যিয়ে আমাক কব আমি "কি খাব লাগে আৰু কি খাব নালাগে" ।

Advertisment

গুজৰাটৰ মুদেতি গাঁৱত দেওবাৰে শ্ৰী ভগৱান যজনাৱল্য বেদতত্ত্ব জ্ঞান যোগাশ্ৰম ট্ৰাষ্টৰ দ্বাৰা আয়োজিত বেদ সংস্কৃত জ্ঞান গৌৰৱ অনুষ্ঠানত ভাষণ দি এই মন্তব্য কৰে। তেওঁ কয় যে ভাৰত বেদৰ মূল্যবোধৰ ওপৰত নিৰ্মাণ হৈছিল যাক প্ৰজন্মৰ পৰা প্ৰজন্মই অনুসৰণ কৰি আহিছে।

তেওঁ কয় যে, সেয়ে আজিৰ ভাৰতে প্ৰগতিৰ পিনে আগুৱাই যাব লাগিব। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ৰাছিয়াৰ দৰে মহাশক্তি হ'ব নালাগে যিয়ে শক্তি ব্যৱহাৰ কৰে। আমি এখন দেশ হ'ব লাগিব যিয়ে আজিৰ পৃথিৱীৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব। আৰু যিয়ে সঠিক আচৰণৰ জৰিয়তে বিশ্বক শান্তি, প্ৰেম আৰু সমৃদ্ধিৰ পথ দেখুৱাব পাৰিব।

তেওঁ কয় যে, ভাৰত এনে এখন দেশ যিয়ে ধৰ্মৰ প্ৰচাৰ-প্ৰসাৰ কৰাৰ লগতে সকলোকে একগোট কৰি বিশ্বগুৰুত উপনীত হোৱাত বিশ্বাস কৰে। সেয়ে বেদ আৰু প্ৰাচীন ভাষা-সংস্কৃতৰ জ্ঞান বিকশিত কৰিব লাগে। এই সকলো জ্ঞান সংস্কৃতত আছে।গতিকে সংস্কৃতক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। যদি আমি আমাৰ মাতৃভাষাত কথা ক'ব পাৰো তেন্তে সহজে সংস্কৃত শিকিব পাৰো।

Also Read: বিজেপি চৰকাৰে প্ৰত্যাহাৰ কৰিব মুছলমান সকলৰ বাবে থকা সংৰক্ষণঃ অমিত শ্বাহ

mohan bhagwat rss