বিজেপি চৰকাৰে প্ৰত্যাহাৰ কৰিব মুছলমান সকলৰ বাবে থকা সংৰক্ষণঃ অমিত শ্বাহ

যদি বিজেপি চৰকাৰ গঠন হয় তেন্তে বাতিল হ'ব মুছলমান সকলৰ বাবে সংৰক্ষণ। তেলেংগানাত এই প্ৰতিশ্ৰুতি প্ৰদান কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।

author-image
Asomiya Pratidin
New Update
বিজেপি চৰকাৰে প্ৰত্যাহাৰ কৰিব মুছলমান সকলৰ বাবে থকা সংৰক্ষণঃ অমিত শ্বাহ

ডিজিটেল ডেস্কঃ যদি বিজেপি চৰকাৰ গঠন হয় তেন্তে বাতিল হ'ব মুছলমান সকলৰ বাবে সংৰক্ষণ। তেলেংগানাত এই প্ৰতিশ্ৰুতি প্ৰদান কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। দেওবাৰে হায়দৰাবাদৰ চেভেল্লাত এক জনসভা সম্বোধন কৰি শ্বাহে ধৰ্ম-ভিত্তিক সংৰক্ষণক "অসাংবিধানিক" বুলি মন্তব্য কৰে।

Advertisment

তেওঁ কয় যে, তেলেগনাত বিজেপি চৰকাৰ আহিলে মুছলমান সকলৰ বাবে থকা ৪ শতাংশ সংৰক্ষণ প্ৰত্যাহাৰ কৰিব। আনহাতে অনুসূচীত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোক সকলক অধিকাৰ প্ৰদান কৰিব। এই অধিকাৰ অনুসূচীত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ বুলিহে মন্তব্য কৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে তেলেংগানাত বৰ্তমান শাসনাধিষ্ঠ ভাৰত ৰাষ্ট্ৰ সমিতি (বিআৰএছ) চৰকাৰক তীব্ৰ সমালোচনা কৰি তেওঁলোকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে দুৰ্নীতিগ্ৰস্তৰ সিংহাসনচ্যুত কৰাৰ বাবে বিজেপিৰ যুঁজ চলি থাকিব।

তদুপৰি বহু আঁচনি দৰিদ্ৰ শ্ৰেণীৰ লোকে পোৱা নাই বুলিও মন্তব্য কৰে শ্বাহে। তেলেংগানাত এনে চৰকাৰ চলিব নোৱাৰে যাৰ ষ্টিয়েৰিং ওৱেচিৰ হাতত আছে। আমি তেওঁলৈ ভয় নকৰো। তেলেংগনা চৰকাৰ ৰাজ্যখনৰ জনসাধাণৰ বাবে কাম কৰিব লাগিব, ওৱিচৰ বাবে নহয়।

আনহাতে অমিত শ্বাহৰ মন্তব্যৰ বিৰোধিতা কৰে আছাদুদ্দিন ওৱেচিয়ে। মুছলমান কোটা বাতিল কৰাৰ প্ৰতিশ্ৰুতিক মুছলমান বিৰোধী বুলি তেওঁ কয়।

Also Read: কাছাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ, ৩০ জনকৈ উপ-পৰিদৰ্শক তৎক্ষণাৎ বদলি

amit shah