বিবাহস্থলীতেই বিষপান কৰি আত্মহত্যা দৰাৰ, গুৰুতৰভাৱে অসুস্থ কইনাও

বিবাহস্থলীতেই বিষপান কৰি আত্মহত্যা দৰাৰ, গুৰুতৰভাৱে অসুস্থ কইনাও

ডিজিটেল ডেস্ক : মধ্য প্ৰদেশৰ ইন্দোৰ চহৰত সংঘটিত হ'ল এক হৃদয়বিদাৰক ঘটনা । বিবাহস্থলীতেই বিষপান কৰি আত্মহত্যা কৰিলে দৰাই । আনহাতে, গুৰুতৰভাৱে অসুস্থ কইনাও ।

এই সন্দৰ্ভত স্থানীয় আৰক্ষী বিষয়া এগৰাকীয়ে দিয়া ভাষ্য অনুসৰি, ইন্দোৰ চহৰৰ কানাডিয়া অঞ্চনৰ আৰ্য সমাজ মন্দিৰত বিবাহপাশত আৱদ্ধ হ'বলৈ উপস্থিত হৈছিল দুয়োগৰাকী ।

কিন্তু তাৰ মাজতেই দুয়োগৰাকীৰ মাজত হোৱা এক বাক-বিতণ্ডাৰ সূত্ৰপাততেই ২১ বছৰীয়া দৰাই বিষপান কৰে । ২০ বছৰীয়া কইনাগৰাকীয়ে এই কথা গম পাই নিজেও অৱশিষ্ট বিষপান কৰি অসুস্থ হৈ পৰে । আনহাতে, দুয়োকে তৎক্ষণাৎ নিকটৱৰ্তী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে ইতিমধ্যে দৰাৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে । অৱশিষ্ট বিষখিনি পান কৰিলেও পৰিমাণ অধিক হোৱাৰ বাবে কইনাগৰাকীৰো অৱস্থা সংকটজনক বুলি উল্লেখ কৰিছে আৰক্ষীয়ে ।

এই সন্দৰ্ভত দৰাৰ পৰিয়ালে আৰক্ষীক দিয়া ভাষ্য অনুসৰি, কেইবাদিনৰে পৰাই হেনো দৰাক বিয়াৰ বাবে তাগিদা দি আছিল কইনাগৰাকীয়ে । বিষপানৰ সেইয়াও এক কাৰণ হ'ব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

বিবাহস্থলীতেই বিষপান কৰি আত্মহত্যা দৰাৰ, গুৰুতৰভাৱে অসুস্থ কইনাও
দুই ভাতৃয়ে মিলি উপৰ্যুপৰি ধৰ্ষণ কৰিলে এগৰাকী ১৪ বছৰীয়া নাবালিকাক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in