দুই ভাতৃয়ে মিলি উপৰ্যুপৰি ধৰ্ষণ কৰিলে এগৰাকী ১৪ বছৰীয়া নাবালিকাক

হেলেমৰ গৌশালাৰ ৰাখাল খুঁটিৰ ঘন জঙ্গলত চুলাই খুৱাই দুই ভাতৃয়ে মিলি উপৰ্যুপৰি ধৰ্ষণ কৰিলে এগৰাকী ১৪ বছৰীয়া নাবালিকাক

author-image
Asomiya Pratidin
New Update
দুই ভাতৃয়ে মিলি উপৰ্যুপৰি ধৰ্ষণ কৰিলে এগৰাকী ১৪ বছৰীয়া নাবালিকাক

ডিজিটেল সংবাদ, গহপুৰ : দুই পাষণ্ডৰ যৌন কামনাৰ বলি হ'ব লগা হ'ল এগৰাকী নাবালিকা। ১৪ বছৰ বয়সীয়া নাবালিকা গৰাকীক হেলেমৰ গোশালাৰ সমীপৰ ৰাখাল খুঁটিৰ এটুকুৰা জংঘলত উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগত ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে দুই ভাতৃ ।

Advertisment

মঙলবাৰে আবেলি ৪ মান বজাত এগৰাকী ১৪ বছৰীয়া নাবালিকাক বিহালীৰ বিহমাৰীৰ নিজৰ সম্বন্ধীয় ভিনিহিয়েক প্ৰবীন জজোৱাৰে কাউৰীপথাৰৰ মঙলবৰীয়া সাপ্তাহিক বজাৰৰ পৰা বিহমাৰীৰ ঘৰলৈ বুলি নি গোশালাৰ সমীপৰ ৰাখাল খুঁটিৰ এটুকুৰা জঙ্গলত আৱদ্ধ কৰি লয়।

ইয়াৰ পিছতে প্ৰবীনে লগত লৈ যোৱা এবটল চুলাই মদৰ অলপ নাবালিকা গৰাকীক খুৱাই লোৱাৰ লগতে অলপ চুলাই তেওঁ নিজেও সেৱন কৰি লয়। নাবালিকাগৰাকীক বলপূৰ্বক চুলাই খুৱাই লোৱাৰ পিছত নাবালিকাগৰাকীৰ মবাইল ফোনৰ ছুইছ বন্ধ কৰি দিয়ে প্ৰবীনে। ইয়াৰ পিছত নাবালিকাগৰাকীৰ সৈতে বলপূৰ্বক যৌন কামনা পূৰণ কৰে প্ৰবীনে।

পিছ মূহুৰ্তত প্ৰবীনে জনোৱা আগতীয়া খবৰৰ ভিত্তিত উক্ত স্থানত উপস্থিত হয় তেওঁৰ এগৰাকী তোলনীয়া ভাতৃ নয়ন জজোৱাৰ। প্ৰবীণৰ পিছত নয়ন জজোৱাৰেও অতি পাষৱিকতাৰে ধৰ্ষণ কৰে নাবালিকাগৰাকীক। দুই পাষণ্ডৰ যৌন কামনাত নাবালিকাগৰাকী ঘটনাস্থলীতে সংজ্ঞাহীন হৈ পৰে। যৌন কামনা চৰিতাৰ্থ কৰি প্ৰবীণ আৰু নয়নে সংজ্ঞাহীন হৈ পৰা নাবালিকাগৰাকীক সেই স্থানতে এৰি তাৰ পৰা পলায়ন কৰে।

বহু সময়ৰ পিছত সংজ্ঞা ঘূৰি অহাত নাবালিকা গৰাকী জংঘলৰ মাজেৰে প্ৰায় ২/৩ কিলোমিটাৰ খোজ কাঢ়ি গৈ এটা বস্তিৰ এঘৰ লোকৰ ঘৰত উপস্থিত হৈ সমস্ত কাহিনী বিৱৰি কয়। ইয়াৰ পিছত মবাইলৰ ছুইছ অন কৰি ঘৰলৈ ফোন কৰাৰ পিছত নাবালিকাগৰাকীক পিতৃ-মাতৃয়ে ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰে।

নাবালিকা গৰাকীৰ পিতৃয়ে এই বিষয়ে হেলেম আৰক্ষীক অৱগত কৰাৰ পিছত গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া শোভন দাসৰ নেতৃত্বত হেলেম আৰক্ষী আৰু বিহালী আৰক্ষীৰ এটা দলে অভিযান চলাই বিহালীৰ বিহমাৰীৰ বনগাঁৱৰ পৰা দুই ভাতৃ ক্ৰমে প্ৰবীণ জজোৱাৰ আৰু নয়ন জজোৱাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উক্ত দুই লম্পটক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনাইছে স্থানীয় ৰাইজে।

Also Read: পিছুৱাব নেকি কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ ?

Assam police