/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b961345f-d977-477f-9d54-1329194904de/453432647_1021170509664945_1431462222832679656_n.jpg)
ছত্তিশগড়ৰ ৰাজ্যপালৰূপে শপত ল’লে ৰমেন ডেকাই।
ৰাজধানী ৰায়পুৰৰ ৰাজভৱন শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছে।
তেঁও ৰাজ্যখনৰ দশমগৰাকী ৰাজ্যপাল হিচাপে বুধবাৰে শপত লয়।
ছত্তিশগড় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰমেশ সিনহাই তেওঁক শপত বাক্য পাঠ কৰোৱাই।
ইয়াৰ পূৰ্বে ৰাজ্যপালৰ দায়িত্বত থকা বিশ্বভূষণ হৰিচন্দনৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে ৰমেন ডেকাই।
নৱ নিযুক্ত ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰা ৰমেন ডেকাক মুখ্যমন্ত্ৰী বিষ্ণু দেৱ চাইয়ে জনাই অভিনন্দন ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰমেন ডেকা আছিল অসম প্ৰদেশ ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি।
মঙলদৈ সমষ্টিৰ সাংসদ হিচাপেও তেঁও কাৰ্য্যনিৰ্বাহ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5cdcb3d4-cbe4-4220-a172-a15870eb7971/453481710_1021170506331612_4039509597133647369_n.jpg)
Also Read: UPSCৰ নতুন অধ্যক্ষ নিযুক্তি...