নিয়ন্ত্ৰণ হেৰুওৱা ট্ৰাকৰ খুন্দাত ৫ জনকৈ লোক নিহতঃ আহত ১৯ জন...

নিয়ন্ত্ৰণ হেৰুওৱা ট্ৰাকৰ খুন্দাত ৫ জনকৈ লোক নিহতঃ আহত ১৯ জন...
নিয়ন্ত্ৰণ হেৰুওৱা ট্ৰাকৰ খুন্দাত ৫ জনকৈ লোক নিহতঃ আহত ১৯ জন...

ডিজিটেল ডেস্কঃ তামিলনাডুত এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ হানিলে ৫ জনকৈ লোকৰ। পুৱতি নিশা সংঘটিত হোৱা এই দুৰ্ঘটনাত আহত হৈছে ১৯ জনকৈ যাত্ৰী।

উল্লেখ্য, তামিলনাডুৰ পুডুকট্টাই জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা। এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই ত্ৰিচি-ৰামেশ্বৰম ঘাইপথৰ এখন চাহৰ দোকানত খুন্দা মৰাত সংঘটিত হয় এই ঘটনা।

আহত লোকসকলক পুডুকট্টাই চৰকাৰী চিকিৎসা মহিবাদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই জনোৱা অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে উদ্ধাৰকাৰী আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সকলোকে উদ্ধাৰ কৰিছে। আহতসকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।এই দুৰ্ঘটনাত ৰখাই থোৱা আন কেইবাখনো বাহনৰ বিস্তৰ ক্ষতি হৈছে।

নিয়ন্ত্ৰণ হেৰুওৱা ট্ৰাকৰ খুন্দাত ৫ জনকৈ লোক নিহতঃ আহত ১৯ জন...
মাকুম পথাৰত বলেৰ'ৰ খুন্দাম মহিলা নিহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in