/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/d2e9aaf8-0d8f-4f42-bf9f-092b290aa6d7/222.jpg)
ডিজিটেল ডেস্ক : হিমাচল প্ৰদেশৰ ছিমলা জিলাৰ কৰাৰঘাটত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাহন এখন দ খাৱৈত বাগৰি পৰাৰ ফলত ৬জন লোক নিহত হয়। তাৰোপৰি মুঠ ১২গৰাকী যাত্ৰী থকা বাহনখনত বাকী ৬গৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
উল্লেখ্য যে, এটা কেঁকুৰীত নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন দ খাৱৈত পৰিছিল বুলি জানিব পৰা গৈছে। ইফালে আহত ৬যাত্ৰীক ততালিকে ওচৰৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
Also Read: কণ কণ ছাত্ৰী-ছাত্ৰীৰ নৃত্য,গীত-অভিনয়ত মুগ্ধ সহস্ৰাধিক অভিভাৱক