/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/e0d2c25e-c711-414d-8b85-471e4df32991/304.jpg)
ডিজিটেল সংবাদ,লখিমপুৰ : এজাক কণমানিৰ নৃত্য, গীত আৰু অভিনয়ত মুখৰিত হ’ল লখিমপুৰৰ ছেইন্ট মেৰিজ বিদ্যালয়ৰ প্ৰাংগণ ৷ সহস্ৰাধিক অভিভাৱকৰ উপস্থিতিত কণমানিহঁতে কৰা অভিনয়-গীত-নৃত্য আৰু বক্তৃতাই উপস্থিত সকলোকে মুগ্ধ কৰে।
বিদ্যালয়খনৰ কণমানি ছাত্ৰ-ছাত্ৰীয়ে আঁত ধৰা অনুষ্ঠানটি মূলতঃ অভিভাৱকসকলৰ বাবে আয়োজন কৰা হৈছিল ৷ অভিভাৱকৰ দিন হিচাপে দুদিনীয়াকৈ উদযাপন কৰা অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে লখিমপুৰ শিক্ষাখণ্ডৰ শিক্ষা বিষয়া ৰেআজুল হোছেইনে ৷ প্ৰথম দিনা মুঠ ২৪ টা কাৰ্যসূচী সমাপন কৰা হয় ৷
Also Read: হাটশিঙিমাৰীত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সপ্তাহজোৰা সজাগতা অভিযান....