নিশাৰ ৰাজপথত যমদূতৰ ৰূপত ট্ৰাকঃ ৮ জনকৈ লোকৰ মৃত্যু, আহত ৬ জন...
নিশাৰ ৰাজপথত যমদূতৰ ৰূপত ট্ৰাকঃ ৮ জনকৈ লোকৰ মৃত্যু, আহত ৬ জন...

নিশাৰ ৰাজপথত যমদূতৰ ৰূপত ট্ৰাকঃ ৮ জনকৈ লোকৰ মৃত্যু, আহত ৬ জন...

মাজ নিশা বিহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনা। মধ্যৰাতি সংঘটিত হোৱা এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৮ জনকৈ লোকে। আহত হৈ জীৱন মৃত্যুৰে যুঁজি আছে আন ৬ জনকৈ লোকে। এখন ট্ৰাক আৰু অটোৰ মাজত হোৱা সংঘৰ্ষৰ বাবেই এই কৰুণ ঘটনা সংঘটিত হয় বিহাৰত।

বিহাৰৰ লক্ষ্মীছৰাই জিলাৰ ৰামগৰচক আৰক্ষী থানা অঞ্চলৰ ঝুলনা গাঁৱত সংঘটিত হৈছে এই দুৰ্ঘটনা। জানিব পৰা মতে মঙ্গলবাৰে নিশা প্ৰায় ডেৰ বজাৰ পৰা ২ বজাৰ ভিতৰত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অটোখনত মুঠ যাত্ৰী আছিল ১৪ জন। যাত্ৰীবাহী এই অটোখন লক্ষ্মীছৰাইৰ দিশে গৈ আছিল। তাৰ মাজতে হঠাৎ বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকে অটোখনক খুন্দা মাৰে।

ফলত ঘটনাস্থলীতে নিহত হয় ৮ জনকৈ লোকৰ। এই সকলো লোক আছিল জামালপুৰ আৰক্ষী থানা এলেকাৰ বাসিন্দা। আহত আন ৬ জনকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। নিহত ৮ জনৰ ভিতৰত আছে অটো চালক মনোজ কুমাৰো।

এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে তাৎক্ষণিকভাৱে আৰক্ষীক খবৰ দিয়া হয় আৰু স্থানীয় আৰক্ষীয়ে কাষৰীয়া আন আৰক্ষী থানাকো খবৰ দিয়ে আৰু ঘটনাস্থলীত সদলবলে গৈ উপস্থিত হয়। আৰক্ষীয়ে ইতিমধ্যে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

কি কাৰণত এই দুৰ্ঘটনা সংঘটিত হ'ল সেয়া এতিয়াও জানিব পৰা নাই। অৱশ্যে অত্যাধিক গতিবেগৰ বাবেই ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই অটোখনক খুন্দা মৰা বুলি সন্দেহ কৰা হৈছে।

নিশাৰ ৰাজপথত যমদূতৰ ৰূপত ট্ৰাকঃ ৮ জনকৈ লোকৰ মৃত্যু, আহত ৬ জন...
জয়াললিতাৰ ২৭ কেজি সোণ, হীৰাৰ গহনা পাব ডি এম কে চৰকাৰে...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in