জয়াললিতাৰ ২৭ কেজি সোণ, হীৰাৰ গহনা পাব ডি এম কে চৰকাৰে...

৬ আৰু ৭ মাৰ্চত হ'ব হস্তান্তৰ প্ৰক্ৰিয়া
জয়াললিতাৰ ২৭ কেজি সোণ, হীৰাৰ গহনা পাব ডি এম কে চৰকাৰে...
জয়াললিতাৰ ২৭ কেজি সোণ, হীৰাৰ গহনা পাব ডি এম কে চৰকাৰে...

ডিজিটেল ডেস্কঃ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতাৰ ২৭ কেজি সোণ আৰু হীৰাৰ গহনা পাব এম কে ষ্টেলিনৰ ডি এম কে চৰকাৰে। সোমবাৰে বেংগালুৰুৰ এখন আদালতে নিৰ্দেশ প্ৰদান কৰি কয়, অহা ৬ আৰু ৭ মাৰ্চৰ ভিতৰত তামিলনাডুৰ মুখ্য সচিবৰ হাতত সেই বিপুল পৰিমাণৰ সম্পত্তি তুলি দিব লাগিব। টাইমছ অফ ইণ্ডিয়াৰ এক প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে।

উল্লেখ্য, এক দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হৈছিল জয়াললিতা। সেই গোচৰত এ আই এ ডি এম কে নেত্ৰীক ১০০ কোটি টকা জৰিমনা দিয়াৰ নিৰ্দেশ দিয়া হৈছে। সেই জৰিমনা আদায়ৰ শেষ বিচাৰবিভাগীয় প্ৰক্ৰিয়া সম্প্ৰতি আৰম্ভ হৈছে।

এই প্ৰক্ৰিয়াত প্ৰয়াত জয়াললিতাৰ স্বাবৰ আৰু অস্থাবৰ সম্পত্তিৰ একাংশ নিলামত উঠিছে। নিলামৰ বাবে জয়াললিতাৰ গহণা তুলি দিব লাগিব তামিলনাডুৰ চৰকাৰৰ হাতত। ইয়াৰ পাছতে প্ৰয়াত নেত্ৰীৰ অন্যান্য স্থাবৰ সম্পত্তি নিলামৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব।

টাইমছ অফ ইণ্ডিয়াৰ প্ৰতিবেদনত আৰু কোৱা হৈছে যে, ২০ কেজি গহনা জয়াললিতাৰ নামত আছে। ৭ কেজি গহনা মাতৃৰ পৰা পাইছিল এ আই ডি এম কেৰ নেত্ৰীগৰাকীয়ে।

বিশেষ আদালতৰ বিচাৰকৰ নিৰ্দেশ, গহনা হস্তান্তৰৰ সময়ৰ সমগ্ৰ ঘটনাৰ ভিডিঅ'গ্ৰাফী কৰিব লাগিব। উল্লেখ্য যে, ২০১৪ ৰ ছেপ্তেম্বৰ মাহত এক দুৰ্নীতি গোচৰত জয়াললিতাক কাৰাদণ্ড বিহাৰ লগতে জৰিমণাৰ নিৰ্দেশ প্ৰদান কৰিছিল বেংগালুৰুৰ এই বিশেষ আদালতখনে।

এই গোচৰত দোষী সাব্যস্ত হৈছিল শশীকলা আৰু সুধাকৰণো। গোচৰত অভিযুক্ত আটাইকে ২০১৫ চনৰ ১১ মে'ত মুক্তি দিছিলি কৰ্ণাটক হাই কোৰ্টে। ইয়াৰ পাছতে ২০১৬ চনত জয়াললিতাই শেষ নিশ্বাস ত্যাগ কৰে।

জয়াললিতাৰ ২৭ কেজি সোণ, হীৰাৰ গহনা পাব ডি এম কে চৰকাৰে...
সকাহ পালে ৰাহুলে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in