মধ্যপ্ৰদেশৰ চিত্ৰকূটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ৫, আহত ৩

মধ্যপ্ৰদেশৰ চিত্ৰকূটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ৫, আহত ৩

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ চিত্ৰকূটত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিয়ে এখন অটোৰিক্সাক। ঝান্সী মিৰ্জাপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা।

তীব্ৰবেগী ডাম্পাৰ আৰু অটোৰিক্সা মুখামুখি সংঘৰ্ষত তিনিচকীয়া বাহনখনত থকা ৫ জন লোকৰ থিতাতে মৃত্যু হয়। আন তিনিজন আহত লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত কেইজনক ততাতৈয়াকৈ প্ৰয়াগৰাজৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আনহাতে মৃত কেইজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

মধ্যপ্ৰদেশৰ চিত্ৰকূটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ৫, আহত ৩
অসম ৰাইফলছ আৰু মিজো আৰক্ষীৰ বৃহৎ সাফল্যঃ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in