অসম ৰাইফলছ আৰু মিজো আৰক্ষীৰ বৃহৎ সাফল্যঃ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ

অসম ৰাইফলছ আৰু মিজো আৰক্ষীৰ বৃহৎ সাফল্যঃ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ

author-image
Asomiya Pratidin
New Update
অসম ৰাইফলছ আৰু মিজো আৰক্ষীৰ বৃহৎ সাফল্যঃ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মিজোৰামত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সাফল্য অসম ৰাইফলছ আৰু মিজো আৰক্ষীৰ। গোপন তথ্যৰ ভিত্তিত যুটীয়া অভিযান চলাই অসম ৰাইফলছ আৰু মিজো আৰক্ষীয়ে ৩০ মাৰ্চত চাম্পাই জিলাৰ পৰা বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে।

Advertisment

জোখোৱাথাৰ এলেকাৰ ৩নং ক্ৰছিং পইন্টৰ পৰা জব্দ কৰা হয় হেৰ'ইন ভৰ্তি ১৫০ টা চাবোনৰ বাকচ। বাকচ কেইটাৰ পৰা মুঠ ১.৭৭৭ কেজি ওজনৰ হেৰ''ইন জব্দ কৰে নিৰাপত্তা বাহিনীয়ে। জব্দ কৰা হেৰ''ইনৰ মূল্য প্ৰায় ১২ কোটি ৪৩ লাখ ৯০ হাজাৰ টকা হ'ব বুলি সদৰি কৰিছে অসম ৰাইফলছে।

এখন স্কুটীৰ পৰা হেৰ'ইন খিনি জব্দ কৰা হয়। ইয়াৰ পূৰ্বে আৰক্ষীক দেখি স্কুটী এৰি পলায়ন কৰে ড্ৰাগছ সৰবৰাহকাৰী। জব্দ কৰা হেৰ'ইনখিনি পিছত অধিক আইনী প্ৰক্ৰিয়াৰ বাবে জোখোৱাথাৰ আৰক্ষীক গতাই দিয়া হয়।

Also Read: ঘিলামৰাত থলুৱা মাছৰ চোৰাং চিকাৰ...

HEROIN SEIZED MIZORAM POLICE assam rifles