হ্ৰাস পাব সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰৰ দৰে মুখ্য নদীৰ জলপ্ৰৱাহ, যথেষ্ঠ প্ৰভাৱ পৰিব জীৱকূলত...

গোলকীয় উষ্ণতাই সংকটত পেলাব বিশ্বক। ভাৰততো ইতিমধ্যে গোলকীয় উষ্ণতাৰ প্ৰভাৱ দেখা গৈছে। ইয়াৰ মাজতে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে এক বিশেষ সতৰ্কবাণী প্ৰেৰণ কৰিছে।
হ্ৰাস পাব সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰৰ দৰে মুখ্য নদীৰ জলপ্ৰৱাহ, যথেষ্ঠ প্ৰভাৱ পৰিব জীৱকূলত...

ডিজিটেল ডেস্কঃ গোলকীয় উষ্ণতাই সংকটত পেলাব বিশ্বক। ভাৰততো ইতিমধ্যে গোলকীয় উষ্ণতাৰ প্ৰভাৱ দেখা গৈছে। ইয়াৰ মাজতে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে এক বিশেষ সতৰ্কবাণী প্ৰেৰণ কৰিছে।

তেওঁ দাবী কৰে যে অনাগত দশকবোৰত গোলকীয় উষ্ণতাৰ ফলত হিমবাহ হ্ৰাস হ'ব। যাৰ ফলত সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰৰ দৰে হিমালয়ৰ মুখ্য নদীসমূহত পানীৰ প্ৰবাহ হ্ৰাস কমি যাব। এই নদী সমূহ ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ।

বুধবাৰে আন্তৰ্জাতিক হিমবাহ সংৰক্ষণ বৰ্ষ উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি গুটাৰেছে এই মন্তব্য কৰে।তেওঁ কয় যে, পৃথিৱীৰ বাবে হিমবাহ অপৰিহাৰ্য। পৃথিৱীৰ ১০ শতাংশই হৈছে হিমবাহ। ই পৃথিৱীৰ পানীৰ এক ডাঙৰ উৎস।

গুটেৰেছে উদ্বেগ প্ৰকাশ কৰি এই মন্তব্য কৰে। তেওঁ কয় যে মানুহৰ কাৰ্যকলাপে গ্ৰহৰ উষ্ণতা ক নতুন স্তৰলৈ ঠেলি দিছে। গলি যোৱা হিমবাহবোৰ অত্যন্ত বিপদজনক হৈ পৰিব পৃথিৱীৰ বাবে।

এণ্টাৰ্কটিকাই প্ৰতি বছৰে গড় হিচাপত ১৫০ আৰৱ টন বৰফ গলি আছে। ইয়াৰোপৰি অন্য ঠাইতো বৰফ দ্ৰুতগতিত গলি আছে। এছিয়াৰ ১০ খন মুখ্য নদী হিমালয় ক্ষেত্ৰৰ পৰা আহে। ই ১.৩ বিলিয়ন লোকক পানী যোগান ধৰে।

হ্ৰাস পাব সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰৰ দৰে মুখ্য নদীৰ জলপ্ৰৱাহ, যথেষ্ঠ প্ৰভাৱ পৰিব জীৱকূলত...
গহপুৰৰ এখন সৰু হোটেলৰ পৰা IIT লৈ প্ৰশান্তৰ যাত্ৰাই প্ৰেৰণা দিব হাজাৰ জনক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in