গহপুৰৰ এখন সৰু হোটেলৰ পৰা IIT লৈ প্ৰশান্তৰ যাত্ৰাই প্ৰেৰণা দিব হাজাৰ জনক...

আৰ্থিক অনাতন, অভাৱ-অভিযোগ সৈতে সহবাস কৰি নিজ মাতৃৰ ছত্ৰছায়াত সীমিত সা-সুবিধাৰ মাজেৰে আই আই টিত স্থান পালে ছাত্ৰই।

author-image
Asomiya Pratidin
New Update
গহপুৰৰ এখন সৰু হোটেলৰ পৰা IIT লৈ প্ৰশান্তৰ যাত্ৰাই প্ৰেৰণা দিব হাজাৰ জনক...

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ মুহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ সন্মুখত থকা জৰাজীৰ্ন সদৃশ এখন ক্ষুদ্ৰ হোটেলত মাতৃৰ লগত কাম কৰি আই আই টিত অধ্যয়নৰ বাবে সুযোগ লাভ কৰিছে মেধাৱী ছাত্ৰ প্ৰশান্ত কিশোৰে। এখন সৰু হোটেলৰ গৰাকী তথা নিজ মাতৃৰ লগত হোটেলত সহযোগিতা আগবঢ়োৱাৰ সামন্তৰালকৈ নিজৰ অধ্যয়ন অব্যাহত ৰাখিছিল ছাত্ৰ গৰাকীয়ে।

Advertisment

আৰ্থিক অনাতন, অভাৱ-অভিযোগ সৈতে সহবাস কৰি নিজ মাতৃৰ ছত্ৰছায়াত সীমিত সা-সুবিধাৰ মাজেৰে বিএচচি সুখ্যাতিৰে উত্তীৰ্ন হোৱা এই গৰাকী ছাত্ৰই স্থান লাভ কৰিছে ইণ্ডিয়ান ইনষ্টিটিউ অব টেকন'লোজি, জেমত।একাগ্ৰতা, অধ্যব্যয়সায়, মনযোগিতা আৰু কঠোৰ পৰিশ্ৰম কৰিলে যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক অনাতন বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে তাৰ জলন্ত নিদৰ্শন দাঙি ধৰিছে প্ৰশান্ত কুমাৰে। আৰ্থিক ভাবে যথেষ্ট দুৰ্বল প্ৰশান্তই স্ক'লাৰশ্বিপ লাভ কৰিলেহে নিজৰ ইস্পিত লক্ষ্যত উপনিত হ'ব বুলি আশাবাদী।

Also Read: স্মাৰ্ট মিটাৰে হ্ৰাস কৰে বিদ্যুতৰ মাচুল...

IIT gohpur