ঐতিহাসিক এই ক্ষণঃ ইছৰোই উৎক্ষেপণ কৰিলে চন্দ্ৰযান-৩

১৪ জুলাই, ২০২৩। ভাৰতবাসীৰ বাবে ঐতিহাসিক দিন হিচাপে ইতিহাসৰপাতত চিহ্নিত হৈ ৰ'ব।

author-image
Asomiya Pratidin
New Update
ঐতিহাসিক এই ক্ষণঃ ইছৰোই উৎক্ষেপণ কৰিলে চন্দ্ৰযান-৩

ডিজিটেল ডেস্কঃ ১৪ জুলাই, ২০২৩। ভাৰতবাসীৰ বাবে ঐতিহাসিক দিন হিচাপে ইতিহাসৰ পাতত চিহ্নিত হৈ ৰ'ব। আজিৰ দিনটোতেই ইছৰোয়ে উৎক্ষেপণ কৰিলে চন্দ্ৰযান-৩ । অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰিকোটস্থিত সতীশ ধৱন স্পেছ চেন্টাৰৰ পৰা এই উৎক্ষেপণ কৰা হয়।

Advertisment

কিন্তু চন্দ্ৰত অৱতৰণ কৰোতে ১ মাহতকৈ অধিক সময় লাগিব চন্দ্ৰযান-৩ক । ২৩-২৪ আগষ্টত চন্দ্ৰযান-৩ য়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সম্ভাৱণা আছে। ৬১৫ কোটি টকাৰ বিনিময়ত নিৰ্মাণ হৈ উঠা চন্দ্ৰযান-৩ অভিযানৰ প্ৰায় ৫০ দিন পাছত চন্দ্ৰমাৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব।

প্ৰথমবাৰৰ বাবে, ভাৰতৰ চন্দ্ৰযান চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব, য'ত পানীৰ চিহ্ন পোৱা গৈছিল। ২০০৮ চনত ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযানৰ সময়ত কৰা আৱিষ্কাৰে বিশ্বক আচৰিত কৰি তুলিছিল।

এইটো চন্দ্ৰলৈ ভাৰতৰ তৃতীয়টো অভিযান। ইয়াৰ পূৰ্বে চন্দ্ৰযান-২, ২০১৯ চনৰ ২২ জুলাইত উৎক্ষেপণ কৰা হৈছিল। কিন্তু ৬-৭ ছেপ্টেম্বৰত বিক্ৰম লেণ্ডাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল । অৱশ্যে, অৰ্বিটাৰে এতিয়াও চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে আৰু তথ্য প্ৰেৰণ কৰি আছে।

'চন্দ্ৰযান-৩' প্ৰেৰণ কৰিবলৈ এলভিএম-৩ লঞ্চাৰ ব্যৱহাৰ কৰা হৈছে। ইয়াক আগতে জিএছএলভি এমকে-৩ বুলি জনা গৈছিল। এই ৰকেটৰ সৈতে মহাকাশ সংস্থা ইছৰোৱে চন্দ্ৰযান-২ উৎক্ষেপণ কৰিছিল।

চন্দ্ৰযান-৩ অভিযানৰ অধীনত, বিজ্ঞানীসকলে চন্দ্ৰৰ মাটি বিশ্লেষণ কৰিব, চন্দ্ৰপৃষ্ঠৰ চাৰিওফালে ঘূৰিব, চন্দ্ৰসম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ তথ্য বিচাৰি উলিয়াব বুলি আশা কৰিছে। এইবাৰৰ এই অভিযান সফল হ'ব বুলি বিজ্ঞানীসকলে আশা কৰিছে।

Also Read: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ আছুৰ তীব্ৰ প্ৰতিবাদ

isro chandrayaan 3